প্ৰতিকী ফটো (সংগৃহীত)
প্ৰতিকী ফটো (সংগৃহীত)

দলংঘাটঃ মদ বিক্ৰী কৰি থকা অৱস্থাত দৰং জিলাৰ দেওমৰনৈৰ শনিবৰীয়া সাপ্তাহিক বজাৰত মদ ব্যৱসায়ী এজনক ৰাইজে হাতে-লোটে ধৰে। দৰং জিলাৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা অঞ্চল হিচাপে পৰিচিত হৈ অহা দেওমৰনৈ অঞ্চলত অবাধ সুৰাই ছানি ধৰাৰ অভিযোগ উত্থাপিত হৈছে।

কিন্তু এইক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। মাজে সময়ে আবকাৰী বিভাগে দুই এজন মদ ব্যৱসায়ীক আটক কৰে যদিও টকা পইচাৰ লেন-দেনৰ জৰিয়তে মুকলি কৰি দিয়ে বুলি ৰাইজে অভিযোগ তুলিছে। 

ক্ৰমান্বয়ে অঞ্চলটোৰ যুৱ প্ৰজন্ম সেইবোৰলৈ আসক্ত হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে আজি দেওমৰনৈৰ শনিবৰীয়া সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে ধনমনি ডেকা নামৰ যুৱক এজনে মদ মোনাত আনি মনে মনে বিক্ৰী কৰি থকাৰ খবৰ পায়। 

বজাৰলৈ অহা কিছু সচেতন ৰাইজৰ দৃষ্টি গোচৰ হোৱাত মদ ব্যৱসায় কৰি থকা যুৱকজনক হাতে-লোটে ধৰে আৰু বজাৰতে আঠু কাঢ়িবলৈ দি মদৰ টোপোলাসমূহ ফুটাই পেলাই দিয়ে। 

দীৰ্ঘদিন ধৰি বজাৰখনত এনে কাৰ্য্য চলি আহিছিল যদিও প্ৰশাসনে কোনোধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ নকৰা বাবেই এনেধৰণৰ কু-কৰ্ম চলি আহিছে বুলি ৰাইজে অভিযোগ তুলিছে।