
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাল সাংবাদিক, শিল্পী, সাহিত্যিক, বুদ্ধিজীবী, ছাত্ৰ, সুধী সমাজ তথা খাতি খোৱা লোক৷ সাম্প্ৰদায়িক সংঘাত, হত্যা, ধৰ্ষণ, লুন্ঠন আদিৰে ৰাজ্যত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হোৱাৰ লগতে ৰাজ্য চৰকাৰে হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিবৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰি একত্ৰিত হয় সাংবাদিক, শিল্পী, সাহিত্যিক, বুদ্ধিজীবী, ছাত্ৰ-ছাত্ৰী তথা খাতি খোৱা লোক৷
কোকৰাঝাৰত দিন-দুপৰতে ছাত্ৰ নেতাক গুলীয়াই হত্যা কৰা, বিদ্যুৎস্পৃষ্ট হৈ ৭০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যত অহা চাৰি বছৰলৈ স্থাপন হ’বলগীয়া মহাবিদ্যালয়সমূহ দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰিব খোজাত ৰাজ্য উত্তাল হৈ পৰিছে৷ তাৰ মাজতে ৰাজ্য চৰকাৰে হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব খোজা বুলি অভিযোগ উত্থাপন কৰি আজি ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত আজি ওলাই আহে সৰ্বপ্ৰকাৰৰ লোক৷
দেশ আৰু জনগণৰ বাবে সাংস্কৃতিক সমাৱেশ আৰু সমদল নামেৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি বিশাল সমদল উলিযায় জনবিৰোধী কাম নকৰিবলৈ চৰকাৰক একপ্ৰকাৰ সকিয়নী প্ৰদান কৰে৷ চৰকাৰক সমালোচনা কৰি কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে দেশখনক এক অদৃশ্য শক্তিয়ে নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ কৰে৷ অদৃশ্য শক্তিটোৰ শ্ৰীবৃদ্ধি বাবে অাশংকাত এতিয়া চিন্তিত সচেতন মহল। প্ৰতিকূল বতৰকো নেওচি দেশৰ সমস্যাৰ প্ৰতি সচেতন লোকসকল শনিবাৰে দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা সদনৰ জনসমাৱেশত যোগদান কৰে।
সাম্প্ৰদায়িক সংঘাত, গোষ্ঠী সংঘৰ্ষ, ধৰ্ষণ, লুন্ঠন অাদিকে ধৰি ৰাজ্যত ৰাজনৈতিক চক্ৰান্তৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাই জনসাধাৰনক অতিষ্ট কৰি তুলিছে বুলি কয় সমাবেশত অংশ গ্ৰহণ কৰা লোকে। বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাইয়ে জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা চৰকাৰৰ পৃষ্ঠপোষকতে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ কাৰ্য্যকলাপ গা’ কৰি উঠা বুলিও অভিযোগ উত্থাপন কৰে।
নৱপ্ৰজন্ম কৰ্মবিমুখ হৈ পৰাৰ লগতে বানপানী, নিৱনুৱা সমস্যাই জৰ্জৰিত কৰা সাধাৰণ ৰাইজৰ জীৱন এতিয়া চৰম সংকটত বুলি কয় চিন্তাবিদগৰাকীয়ে। জনসাধাৰণক একগোট হৈ ঐক্যবদ্ধভাৱে থিয় হবলৈ অাহ্বান জনাই বিশিষ্ট নাগৰিকে৷ জনসাধাৰনৰ সচেতনতা অাৰু সজাগতাৰ জৰিয়তহে এক বৈপ্লৱিক পৰিৱৰ্তন অানিব পৰা যায়। অজস্ৰ দেশ অাৰু জাতিপ্ৰেমী আজি দেশ অাৰু জনগণৰ বাবে এই সমাবেশত একত্ৰিত হোৱা বুলিও মন্তব্য আগবঢ়ায় কেইবাগৰাকী বক্তাই।
শিল্পী, বুদ্ধিজীৱী, সাহিত্যিক, সংবাদকৰ্মীকে অাদি কৰি প্ৰতিজন সচেতন লোকে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে যোগদান কৰি ৰাইজক জাগ্ৰত কৰাৰ প্ৰচেষ্টা চলাই এই জন সমাৱেশৰ জৰিয়তে। উগ্ৰ হিন্দুত্ববাদী সংগঠনসমূহে বিভেদৰ সৃষ্টি কৰি দেশখনক ঠেলি দিছে এক অৰাজক পৰিস্থিতিলৈ। যাৰ ফলশ্ৰুতিত দেশৰ অৰ্থনৈতিক, সামাজিক উন্নয়ন বাধাগ্ৰস্ত হৈ পৰাৰ লগতে দেশত সাধাৰণ ৰাইজৰ মাজত কিছুমান বিভেদকামী মনোভাৱে গা কৰি উঠিছে। সেয়েহে এই জন সমাৱেশত যোগদান কৰা প্ৰতিজন সচেতন লোকে দেশৰ প্ৰতিটো সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে অাদৰ্শ, মৰ্য্যদাৰে ঐক্যভাৱেৰে এখন কল্যাণকামী ৰাষ্ট্ৰ গঢ় দিয়াত মনোনিবেশ কৰিবলৈ চৰকাৰক দাবী জনায় সমবেতসকলে।