কামপুৰঃ গো ৰক্ষাৰ নামত দেশত আজিও অব্যাহত আছে মাৰ-ধৰ৷ একাংশ হিন্দুত্ববাদী সংগঠনে গো হত্যা ৰোধ কৰাৰ নামত হাতত আইন তুলি লৈ মানুহক আক্ৰমণ কৰে৷ যাৰ ফলত কেইবাগাৰকী লোকৰ মৃত্যুও হৈছে৷ দেশৰ সংসদত শাসকীয় বিজেপি দলক বিভিন্ন দলে উভতি ধৰাৰ লগতে ব্যাপক সমালোচনাৰ সন্মুখীন হয় বিজেপি দল৷ বিজেপি দলে নিৰ্বাচনৰ ইস্তাহাৰত গো ৰক্ষাৰ কথা উল্লেখো কৰিছিল৷

অসমত বছৰ বছৰ ধৰি অবৈধ গৰুৰ ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অসমৰ গৰু বাংলাদেশলৈ চালান হৈ অহাৰো অভিযোগ উত্থাপন হয়৷ অসমতো বিজেপিয়ে  শাসনত অহাৰ পাছত গৰুৰ অবৈধ ব্যৱসায় বন্ধ হ’ব বুলি ধৰি লৈছিল৷ কিন্তু ব্যাপক হাৰত অবৈধ গৰুৰ ব্যৱসায় চলি থকা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ গড়কাপ্তানী পথ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা আৰক্ষী থানা সমূহত টকা ছটিয়াই ৰাজ্যত চলিছে বৃহৎ গৰু ব্যৱসায়৷ তাৰ মাজতে দেওবাৰে নিশা কামপুৰত গৰু জব্দ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়। দুখনকৈ গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰাৰ পাছতেই সৃষ্টি হয় এই উত্তেজনাৰ।

AS-01-K-6780 আৰু AS-02-E-5647 নম্বৰৰ ট্ৰাক দুখনে গোলাঘাটৰ বিহৰা বজাৰৰ পৰা কচুৱালৈ চালান বিহীনভাৱে গৰু ব্যৱসায়ীয়ে গৰু কঢ়িয়াই আনে৷ কামপুৰ কঠালগুৰিত একাংশ স্থানীয় যুৱকে কেইবাজনো গৰু সৰবৰাহকাৰীৰ লগতে ট্ৰাক দুখন জব্দ কৰি গতাই দিয়ে আৰক্ষীক।

আনহাতে গোলাঘাট জিলাৰ বিহৰা সাপ্তাহিক বজাৰৰ পৰা চালান বিহীনভাৱে কঢ়িয়াই অনা ট্ৰাক দুখনে কামপুৰ পােৱালৈকে প্ৰায় প্ৰতিখন থানাত টকা দি পাৰ হোৱা বুলি চালক-হেণ্ডিমেনে সাংবাদিকৰ কেমেৰাৰ সন্মুখত প্ৰকাশ কৰে।

নগাঁও আৰক্ষী থানাত ৫০০ টকা, বৰঘাট থানাত ১২০০, ননৈ থানাত ১৫০, ৰাঙলু থানাত ২০০ আৰু কঠিয়াতলী থানাত ২০০ টকা দি পাৰ হৈ অহা বুলি কয় ট্ৰাকত গৰু লৈ অহা লোকে। এই ভাষ্যই ৰাজ্যত আৰক্ষীক মেনেজ কৰি গৰুৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাতো স্পষ্ট হৈ কৰি তুলিছে।