
বিহালীঃ এগৰাকী মন্ত্ৰীৰ সমষ্টিত শ-শ লোকৰ নিদ্ৰা হৰণ হৈছে। বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত। বিহালী সমষ্টিত বছৰ বছৰ ধৰি ৰাইজে বন্য জীৱ-জন্তুৰ সন্ত্ৰাস অব্যাহত আছে। কিছুদিন পূৰ্বে বনৰীয়া মহৰ আক্ৰমণত এগৰাকী কৃষক সহ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰায় ৭গৰাকী লোকৰ মৃত্যু হৈছে। বনৰীয়া হাতীয়ে নিতৌ সন্ত্ৰাস চলাই মানুহৰ ঘৰ-বৰ, খেতি পথাৰ নষ্টি কৰিছে।
তাৰ পিছতো বন বিভাগে সমষ্টিটোৰ লোকৰ জীৱন-সম্পত্তি সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিহালী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বিধায়কগৰাকীয়ে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী। সমষ্টিলৈ গলে বিশাল কনভয়লৈ যায় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীৰ আগে-পিছে বৰ বৰ মানুহ ঘুৰে। নিৰ্বাচনৰ পূৰ্বে দৰিদ্ৰ মানুহৰ বাবে কাম কৰিম বুলি কোৱা মন্ত্ৰীয়ে এতিয়া এতিয়া দৰিদ্ৰ, শ্ৰমিক, কৃষকে লগ ধৰিবৰ বাবে এবাৰ চিন্তা কৰিব লগা হয়। সমষ্টিৰ শিক্ষা, স্বাস্থ্য, খোৱাপানী, বাট-পথৰ উন্নয়ণ কৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী সমষ্টিত বিগত পাঁচ বছৰত বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাস অব্যাহত আছে৷
পূৰ্বে সমষ্টিৰ বিভিন্ন গাঁৱত বনৰীয়া হাতীয়ে প্ৰবেশ কৰিলে নিজস্ব জেচিপি ব্যৱস্থাৰ জৰিয়তে হাতী খেদাত সহায় কৰিছিল। বিহালী সমষ্টিত বিপুল ভোটত জয় লাভ কৰি তেও কেবিনেট মন্ত্ৰী হ’ল। এতিয়া মন্ত্ৰী হোৱাৰ পিছত বিহালী সমষ্টিক যেন পাহৰিলে তেও৷ এতিয়া মন্ত্ৰীৰ নিজস্ব জেচিপিও নাই বন বিভাগো নাই হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ৷ এতিয়া দিছপুৰৰ ফালে গৈ ডাঙৰ মানুহ হোৱা মন্ত্ৰীৰ আশা এৰি ৰাইজে বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবৰ বাবে হাতী পূজা কৰিছে।
বিহালী সমষ্টিৰ বটিয়ামাৰীৰ ৰাইজে হাতী পূজা কৰি বনৰীয়া হাতীক কৈছে প্ৰভু সকল আমাক আৰু অত্যাচাৰ নকৰিবা৷ মন্ত্ৰীয়ে আমাৰ কথা নুশুনে তুমিয়ে আমাৰ কথা শুনা প্ৰভু৷ আনহাতে এগৰাকী কেবিনেট মন্ত্ৰীৰ সমষ্টিত "হাতী পূজা" অনুষ্ঠিত কৰিব লগা হোৱাত ধিক্কাৰ দিছে বিপ্লৱী যুৱ সন্থাই। বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে বিহালীবাসী ৰাইজক বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষাৰ বাবে আৰু অসমৰ মানুহক বনৰীয়া হাতীয়ে কৰা ক্ষয়-ক্ষতিৰ ওপৰত উচিত তদন্ত মৰ্মে উচিত ক্ষতিপূৰণৰ দিয়াৰ বাবে বিজেপি চৰকাৰক দাবী জনায়।