মঙলদৈঃ দুৰ্নীতি সন্দৰ্ভত জিৰ’ টলাৰেন্সৰ কথা কোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিষয়া-অভিযন্তাই এতিয়া ধন ঘটাৰ বাবে ৰাজ্যত পাতিছে মুকলি বজাৰ৷ দুৰ্নীতি নাশ কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসন ভাৰ লোৱা অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটৰ চৰকাৰৰ নাকৰ তলতে এতিয়া চলিব ধৰিছে ব্যাপক দুৰ্নীতি৷ দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিষয়া-কৰ্মচাৰীয়ে এতিয়াও উপঢৌকন ল'বলৈ কুন্ঠাবোধ নকৰে৷

মাথো দুদিন পূৰ্বে ৰঙিয়াৰ ধাবাত কাৰ্যালয় পাতি বিটিএডিৰ দুটাকৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই দমে দমে ফাইল, ছীল লৈ বেকডেটেত চেকত স্বাক্ষৰ কৰি ধন ঘটাৰ ফান্দ পতাৰ ঘটনাই চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ এক লাখ লৈ হাতে-লোটে ধৰা পৰিল দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া৷ দুৰ্নীতি নিৰ্মূলৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফে দুৰ্নীতি সন্দৰ্ভত একপ্ৰকাৰ হাত উজান দি যেন আত্মসমৰ্পন হে কৰিলে৷

কাৰ্যালয়ৰ ভিতৰতে জিলা পৰিষদৰ এগৰাকী সদস্যৰ পৰা এক লাখ টকা লৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ চন্দ্ৰ দাসক শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই আটক কৰে৷ শুকুৰবাৰে বিয়লি প্ৰায় ৬ বজাত  ১ লাখ টকা উৎকোচ লৈ থকাৰ সময়তে কাৰ্যালয়তে আটক কৰে বিষয়াগৰাকীক৷ জানিব পৰা মতে, এটি ঠিকাৰ কামৰ বাবে পৰিষদৰ মুখ্য বিষয়াগৰাকীয়ে জিলাখনৰ লালপুৰ আঞ্চলিক পৰিষদৰ সদস্য তিহাৰু গৌড়ৰ পৰা এক লাখ টকা দাবী কৰে৷

পৰিষদৰ সদস্য তিহাৰুৱে এক লাখ টকা আদায় নিদিয়াৰ বাবে বিষয়া ভূপেশ চন্দ্ৰ দাসে কাম কৰি দিবলৈ মান্তি হোৱা নাছিল৷ ৰাইজৰ স্বাৰ্থত ধন মুকলি কৰি দিবলৈ কোৱাৰ পিছত একলাখ টকা নিদিলে কাম কৰি দিবলৈ মান্তি নোহোৱাত অৱশেষত পৰিষদৰ সদস্যগৰাকীয়ে এক লাখ টকা দিবলৈ মান্তি হয়৷ পৰিষদৰ সদস্য গৌড়ে গোপনে এই কথা অৱগত কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক৷ শুকুৰবাৰে এই টকা আদায় দিয়াৰ দিন-বাৰ ঠিক কৰি পৰিষদৰ সদস্যগৰাকীয়ে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক এই কথা অৱগত কৰে৷

পৰিষদৰ সদস্যগৰাকীয়ে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ লোক সহিতে টকা দিবলৈ কাৰ্যালয়লৈ আহে। পৰিষদৰ সদস্যগৰাকীয়ে টকা হাতত তুলি দিয়াৰ সময়তে হাতে-লোটে ধৰে বিষয়া দাসক৷ আনহাতে দৰং জিলাত ব্যাপক দুৰ্নীতি সংঘটিত কৰি টকা ঘটা বিষয়াগৰাকীৰ পাঠশালা আৰু গুৱাহাটীৰ বাসগৃহতো একে সময়তে তালাচী চলাই দুৰ্নীতি নিবাৰক শাখাই। একাংশ লোকে অভিযোগ কৰা মতে পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বিষয়া ভূপেশে ঠিকাদাৰ, পৰিষদৰ সদস্যসকলক পূজাৰ অফাৰ তথা ধন বিচাৰি ব্যতিব্যস্ত কৰিছিল৷ অৱশেষত হাতে-লোটে ধৰা পৰি পূজা চোৱাৰ পৰা বঞ্চিত হ'বলগীয়াত পৰিছে বেচেৰা ভূপেশে।