
গোৰেশ্বৰঃ ডেৰা প্ৰমুখ গুৰমিত ৰাম ৰহিম সিঙৰ ধৰ্ষণ গোচৰৰ ৰায় প্ৰদানৰ পাছৰে পৰা দেশ তথা ৰাজ্য উত্তাল হৈ থকাৰ সময়তে পূজাৰীৰ কামনাৰ বলি হ’ল এটি অবোধ শিশু৷ এই ঘটনা সংঘটিত হৈছে বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত৷ এগৰাকী স্বয়ম্ভু পূজাৰীৰ কামনাৰ বলি হোৱা জঘন্য কাণ্ডই তোলপাৰ লগাইছে বাক্সা জিলাৰ গোৰেশ্বৰত।
গোৰেশ্বৰ হনুমান মন্দিৰৰ পূজাৰী অযোধ্যা মিশ্ৰ (৫১) নামৰ লোকজনে গোৰেশ্বৰ চহৰৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ সৈতে দুষ্কৰ্ম সংঘটিত কৰে। জানিব পৰা মতে, যোৱা ২৭ আগষ্টত গণেশ চতুৰ্থী পূজাৰ সময়তে অবোধ শিশুটোক গোৰেশ্বৰ মুল ৰোডত থকা হনুমান মন্দিৰত মাতি নি পূজাৰীয়ে নিজৰ কোঠাত দুষ্কৰ্ম সংঘটিত কৰে। প্ৰথমে শিশুটোৱে এই বিষয়ে আইতাকক অৱগত কৰে।
ইয়াৰ পিছতে পূজাৰীক সোধপোচ কৰাত পূজাৰীয়ে শিশুটোৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ সন্মুখত দোষ স্বীকাৰ কৰে। আনহাতে পৰিয়ালে মঙলবাৰে নিশা গোৰেশ্বৰ থানাত এই বিষয়ে এজাহাৰ দাখিল কৰাৰ পাছতে ভণ্ড পূজাৰী মন্দিৰৰ পৰা পলায়ন কৰে। গোৰেশ্বৰ আৰক্ষীয়ে নিশাই অভিযান চলাই ওদালগুৰি জিলাৰ আটাৰীঘাট চাহ বাগানৰ পৰা পূজাৰীজনক আটক কৰে। আৰক্ষীয়ে আজি শিশুটোৰ লগতে পূজাৰীক স্বাস্থ্য পৰীক্ষা কৰোৱাই।
গোৰেশ্বৰ আৰক্ষীয়ে ৩৭৭ আইপিচিৰ অধীনত ৯০/১৭ নম্বৰৰ গোচৰ ৰুজু কৰিছে। ইপিনে গোৰেশ্বৰ বজাৰ ৰোড স্থিত হনুমান মন্দিৰ পৰিচালনা সমিতিয়ে পূজাৰীক মন্দিৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে। এই ঘটনাক যুৱ ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ লগতে মাৰোৱাৰী য়ুৱ মঞ্চই কঠোৰ ভাষাৰ নিন্দা কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।