মোৰাঝাৰঃ দেশ সেৱা কৰি অহাৰ লগতে বিভিন্ন মানৱ উন্নয়নমূলক কাম কৰি আহিছে সুৰক্ষা কৰ্মীসকলে৷ পুনৰ তেনে এক মানৱদৰদী কাম কৰি দেখুৱালে দেশৰ চি আৰ পি এফ জোৱানে৷ জন্মৰ পৰা ৫বছৰ বয়সলৈকে শিশু সকলক মাৰাত্মক পলিঅ’ ৰোগৰ পৰা বচাই ৰাখিবৰ বাবে দেশৰ স্বাস্থ্য বিভাগে পালছ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰি আহিছে৷ 

জীৱনদায়িনী দুটোপাল পলিঅ’ই শিশু সকলক মুক্ত কৰি ৰাখিব পাৰে পলিঅ’ ৰোগৰ পৰা৷ কিন্তু বহু সময়ত এই পলিঅ’ প্ৰতিষেধক খুওৱাৰ পৰা বিৰত থকা দেখা যায় অভিভাৱকসকলক৷ বিশেষকৈ গাঁও অঞ্চলত পিতৃ-মাতৃৰ অমনোযোগিতাতে ডাঙৰ হোৱা শিশুসকলে পলিঅ’ সেৱন কৰিবলৈ নোপোৱাৰ ফলত এই ৰোগৰ স্বীকাৰ হোৱা নজিৰ আছে৷ 

গাঁৱলীয়া পৰিৱেশত ডাঙৰ-দীঘল হোৱা কোনো এটি শিশু যাতে বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি পলিঅ’ কেন্দ্ৰৰ উপৰিও স্বাস্থ্য বিভাগে ঘৰে ঘৰে গৈ পলিঅ’ সেৱন কৰোৱাৰ ব্যৱস্থা কৰি দিছে৷ উল্লেখ্য যে ৰাজ্যত হৈ থকা পলিঅ’ সপ্তাহৰ সময়তে চি আৰ পি এফৰ জোৱানসকলে দেখুৱাই মানৱসেৱাৰ নিদৰ্শন৷ 

জানিব পৰা মতে, হোজাই স্থিত চি আৰ পি এফৰ জি ৩৪ কোম্পানীৰ জোৱান সকলেও কৰ্ম ব্যস্ততাৰ মাজতে পালছ পলিঅ’ প্ৰতিষেধক গাঁৱে গাঁৱে গৈ বিতৰণ কৰে৷ স্বাস্থ্য কৰ্মীৰ সৈতে লগ হৈ পলিঅ’ বিতৰণ কৰাৰ লগতে জোৱানসকলে ৰাইজক পলিঅ’ ৰোগৰ বিষয়ে সজাগ হ’বৰ বাবে আহ্বান জনাই। 

মংগলবাৰে হোজাইৰ ঠেপেলাগুৰি গাঁৱত চি আৰ পি এফৰ জোৱান সকলে শিবিৰ অনুষ্ঠিত কৰি অঞ্চলটোৰ শতাধিক শিশুক পালছ পলিঅ’ প্ৰতিষেধক সেৱন কৰাই বুলি জানিব পৰা গৈছে৷ উক্ত শিবিৰত স্থানীয় স্বাস্থ্য কৰ্মী সকলেও সহযোগ কৰে। চি আৰ পি এফৰ জোৱান এনে সমাজৰ উন্নয়ণমূলক কামৰ বাবে অঞ্চলটোৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে৷