লংকাঃ ৰাজ পথত আঠুকাঢ়িছে এজন যুৱকে৷ ৰঙা ছিঙা পৰি আঠুকাঢ়ি থকা যুৱকজনে লাজ-মান কাটি কৰি আঠু কাঢ়িছে৷ কিয়নো তেও ছাত্ৰীক অশ্লীল ইংগিত দিছিল৷ কেৱল আঠু কঢ়াই নহয় কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত তথা অপহৰণৰ চেষ্টা চলাই ৰঙা ঘৰত সোমাল নগাঁৱৰ যুৱকজন৷

এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ কাকীত৷ নগাঁৱৰ বৰদোৱা আৰক্ষী চকীৰ অন্তৰ্গত চমকা গাঁৱৰ ইৱাদুল হুচেইন নামৰ এই যুৱকজনে কাকী বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত অধ্যায়নৰত এগৰাকী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল৷

ছাত্ৰীগৰাকীয়ে যুৱক প্ৰস্তাৱ প্ৰত্যাখান কৰাত মঙলবাৰে কলেজ ছুটী হোৱাৰ পিছত ঘৰলৈ আহি থকা ছাত্ৰীগৰাকীক পথত আগভেটি ধৰি যুৱকজনে অশ্লীল ইংগিত দিয়াৰ লগতে ছাত্ৰীগৰাকীক পলুৱাই নিব খোজে৷

ছাত্ৰীগৰাকীয়ে মান্তি নোহোৱাত যুৱকজনে জোৰ-জবৰদস্তি কৰাত ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰে৷ স্থানীয় লোকে লম্পট যুৱকজনক আবদ্ধ কৰি উত্তম মধ্যম সোধাই কাকী আৰক্ষীক গটাই দিয়ে৷ ইয়াৰ পূৰ্বেও এই যুৱক জনে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷