চামগুৰিঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে পুৰণিগুদাম আৰু বঢ়মপুৰৰ কেবাখনো বিদ্যালয়ে।

বেচৰকাৰী খণ্ডৰ দুখনকৈ বিদ্যালয়ৰ লগতে চৰকাৰী খণ্ডৰো কেইবাখনো বিদ্যালয়ে ভাল ফলাফল দেখুৱাই পুৰণিগুদাম আৰু বঢ়মপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

পুৰণিগুদাম পাৰঘাটৰ আন এখন চৰকাৰী বিদ্যালয় ড. বিকেবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা বছৰৰ দৰে এই বছৰো এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে পুৰণিগুদামৰ কলঙৰ পাৰত স্থাপিত পুৰণিগুদাম বিদ্যা নিকেতনৰ পৰা বিগত বছৰৰ দৰে এইবাৰো এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

বিদ্যালয়খনৰ পৰা এইবাৰ ৭৪ জন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৮ জনে ডিষ্টিংশ্যন, ১৬ জনে ষ্টাৰ মাৰ্ক, ৩১ জন প্ৰথম বিভাগত আৰু ১৯ জন দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে।

আনহাতে বঢ়মপুৰ শ্ৰীমন্ত শঙ্কৰ মিছন অন্ধ বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলেও ১০০ শতাংশ উত্তীৰ্ণৰে জয়ৰ ধাৰা অব্যাহত ৰাখে।

বিদ্যালয়খনৰ পৰা এইবাৰ ৪ জন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ১ জনে ষ্টাৰ মাৰ্ক পোৱা লগতে ৩ জন প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ বঢ়মপুৰৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন খনেও এইবাৰ সু-ফলাফল দেখুৱাবলৈ সক্ষম হয়।

তদুপৰি পুৰণিগুদাম, বঢ়মপুৰ আৰু চামগুৰি অঞ্চলৰ কেবাখনো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ে আশানুৰূপ ফলাফল দেখুওৱাত উৎফুল্লিত হৈ পৰিছে বঢ়মপুৰ তথা পুৰণিগুদামবাসী ৰাইজ৷