বালিপৰাঃ উন্নয়ণৰ শ্ল’গানেৰে শাসনৰ গাডী দখল কৰা বিজেপি, অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰিছনে৷ আজিও গ্ৰাম্য অঞ্চল বাট-পথৰ জৰাজীৰ্ণ অৱস্থা৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে৷ যাৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰিছনে৷

কংগ্ৰেছৰ দিনত গাঁৱে-ভূঞে অজস্ত্ৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছে যদিও সেয়া মাত্ৰ একাংশ বিষয়া-অভিযন্তা-ঠাকাদাৰৰ ধন ঘটিবৰ বাবেহে নিৰ্মাণ কৰা হৈছিল৷ কিয়নো তেনে কোনো আঁচনিয়ে ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা নাই৷ হাবি-জঁংঘলে আৱৰি ৰাখিছে এই আঁচনি সমূহ৷ ৰাজ্যৰ খনৰ আঙুলিৰ মুৰত গনিব পৰা মাথো কেইটামান বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়ে হে পানী যোগান ধৰি আহিছে৷ যি কেইখন আঁচনিয়ে পানী যোগান ধৰি আহিছে সেয়া

প্ৰকৃততে বিশুদ্ধ পানী যোগান ধৰি আছেনে৷ শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ চাৰিদুৱাৰত এখন পানী যোগান আঁচনীয়ে প্ৰমাণ কৰি দিছে প্ৰকৃততে বিশুদ্ধ পানী যোগান ধৰিব পৰ নাই৷ মাহেকৰ পিছত মাহ ধৰি পানী জমা হোৱা টেংকী সমূহ পৰিস্কাৰ নকৰাৰ ফলত হাবি জংঘলে আঁৱৰি আছে৷ বহু দুন ধৰি জমা হৈ থকা পানীৰ বৰণ ৰঙা পৰি গৈছে৷ গছ, লতা গজিছে টেংকীৰ ভিতৰত৷

মুঠৰ ওপৰত অবৰ্ণনীয় পৰিবেশ৷ চাৰিদুৱাৰবাসীয়ে অস্বাস্থ্যকৰ তথা দূষিত পানী খাবলৈ বাধ্য হৈছে৷ চাৰিদুৱাৰৰ পানী যোগান আঁচনীটোৰ পানীৰ টেংকী আৰু ফিল্টাৰত কৰ্মচাৰীৰ গাফিলতৰ বাবে শেলুৱৈ ডাঠ হৈ গৈছে৷ ঘাঁহ বন গজাৰ ওপৰিও চৰাই চিৰিকটিৰ মল মূত্ৰ পৰি পানী খোৱাৰ সম্পূৰ্ন অনুপযোগী হৈ পৰিছে যদিওঁ সেইপানীকে বৃহত্তৰ অঞ্চলটোত যোগান ধৰি থকা হৈছে৷ ইয়াৰ ওপৰিও বহু কেইঠাইত পানীৰ পাইপ ফুটি পানী অহৰহ বৈ থাকে যদিও সেইবোৰ বিভাগৰ কৰ্মচাৰীৰ কেতিয়াও চকুত নপৰে৷