খাৰুপেটীয়াঃ আমাৰ দেশৰ তথা ৰাজ্য খনৰ দৰিদ্ৰ, গৰীৱ, খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ন কৰে চৰকাৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি জনসাধৰণৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ন কৰে৷ 

ৰাজকোষৰ কোটি কোটি টকা চলাধ কৰা হয়৷ মন্ত্ৰী-আমোলাৰ জৰিয়তে এনে আঁচনি সমূহ ৰূপায়ন কৰি জনসাধৰণক সেৱা কৰাৰ চেষ্টা কৰে চৰকাৰে৷ 

কিন্তু প্ৰকৃততে এনে আঁচনি সমূহৰ পৰা জনসাধৰণে কল্যাণ লাভ কৰে নে৷ যদি গ্ৰাম্য অঞ্চলত ৰূপায়ন কৰা বিভিন্ন আঁচনি প্ৰত্যক্ষ কৰিলে প্ৰতিখন চৰকাৰেই ফেইল মৰা দেখা যায়৷ জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষিলৈ৷ শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্যলৈ সকলো আঁচনিয়েই গ্ৰাম্য এলেকাত ফেইল মৰা দেখা যায়৷ 

বিভিন্ন আঁচনি ৰূপায়ণ হয় যদিও সেই সমূহ মেৰামতি, চোৱা চিতা কৰাৰ অভাৱত জহি-খহি যায়৷ বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমূহ বৰ্তমান তেনে ৰূপ লৈছে৷ অসমৰ গাঁৱে-ভূঞে স্থাপন কৰা আঁচনি সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ 

বহু পানী যোগান আঁচনিত ট্ৰেন্সফৰ্মাৰ সমূহ বিকল হৈ পৰিছে৷ পাইপ সমূহ ফুটি নষ্ট হৈছে৷ আঁচনি সমূহৰ চৌহদৰ পকী দেৱাল সমূহ বাগিৰ পৰিছে টেংকী সমূহ গছ-গছনি লতাই মেৰিয়াই ৰাখিছে৷ মুছৰ ওপৰত অসমৰ গ্ৰাম্য অঞ্চলৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল হৈ পৰিছে৷

অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপনী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখ নাযায়৷

তৰুণ গগৈ চৰকাৰৰ তিনিটা কাৰ্যকালত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন ঠাইত স্থাপন কৰিছিল পানী যোগান আঁচনি সমূহ৷ বিশুদ্ধ পানী যোগানাৰ বাবে স্থাপন কৰা আঁচনি সমূহ এতিয়া এৰাবাৰীত পৰিণত হৈছে৷

পৰিবৰ্তনৰ কথাকৈ ভোট লৈ চৰকাৰ গঠন কৰা তিনিটা দলে আজিও ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰি লেতেৰা ৰাজনীতি হে কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷

পৰিবৰ্তনৰ কথা কৈ ভিআইপিত পৰিণত হোৱা মন্ত্ৰী-বিধায়কসকলে এতিয়া দৰিদ্ৰ, গৰীৱৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ 

নিৰ্বাচনৰ যোৱাৰ পিছতে সম্ভ্ৰান্ত হৈ পৰা মন্ত্ৰী-বিধায়কসকল এতিয়া হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে৷ কিন্তু গ্ৰাম্য অঞ্চলৰ লোকসকলে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ 

যাৰ ফলত ক্ষোভিত ৰাইজে মন্ত্ৰী-বিধায়ক, ক্ষোভ উজাৰিবলৈ আৰম্ভ কৰিছে৷ পূৰ্বৰ চৰকাৰে পানী যোগানৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও সেয়াও ভেকোভাওনাত পৰিণত হয়৷ 

গাঁৱৰ বহু ঠাইত পানী যোগানৰ বাবে টেপ বহুৱাই ৰাম ঠগন দিয়ে জনস্বাস্থ্য্ কাৰিকৰি বিভাগে৷ কেৱল ঠিকাদাৰৰ স্বাৰ্থত স্থাপন কৰা পানী যোগান আঁচনিয়ে আজিলে পানী দিব পৰা নাই৷ 

কিন্তু গ্ৰাম্য এলেকাৰ পানী যোগান আঁচনিখন বিকল হৈ পৰে। পানী যোগানৰ বাবে স্থাপন কৰা টেংকি, পাম্প হাউজ, নলা, টেপ আদি ব্যৱহাৰ নোহোৱাত ক্ৰমান্বয়ে মামৰে ধৰি ভাঙি-ছিঙি যাব ধৰিছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিটোৰ অচলাৱস্থাৰ বাবে একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম অৱহেলা আৰু ঠিকাদাৰৰ অকৰ্মন্যতাই দায়ী বুলি অভিযোগ উত্থাপন হৈছে৷ 

বিভগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে খিৰতী গাইত পৰিনত হৈছে আঁচনি সমূহ৷ কিয়নো মেৰামতিৰ বাবে বছৰি টকা মোকলাই আনে যদিও সেই টকা মেৰামতিৰ কামত ব্যৱহৃত হোৱাৰ বিপৰীতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ জেপত সোমায়।

বিভাগীয় মন্ত্ৰীগৰাকীয়েও বিশেষ গুৰুত্ব প্ৰদান কৰা দেখ নাযায়৷ আমাৰ হাতত পৰা বেচৰকাৰী তথ্য মতে, ৰাজ্য খনৰ গ্ৰাম্য এলেকাৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল৷ সময়ে সময়ে আঁচনি সমূহ মেৰামতি কৰাৰ বাবে টকা মুকলি কৰি দিয়া হয় যদিও সেয়া অবাবতে খৰচ হয় বুলি অভিযোগ উত্থাপন হয়৷ কিয়নো তেনে টকাৰে কোনো দিনে আঁচনি মেৰামতি কৰি পানী যোগান ধৰা দেখা নাযায়৷

খাৰুপেটীয়াৰ খেতাশ্বৰ পানী যোগান আঁচনি

দৰঙৰ মঙলদৈ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ বিহুদিয়া গাঁও পঞ্চায়তৰ খাৰুপেটীয়াৰ সমীপৰ খেতাশ্বৰ পানী যোগান আঁচনিখন সম্প্ৰতি ভালুকৰ সাঙীত পৰিণত হৈছে৷ ৫৫ লাখ টকাৰ পানী যোগান আঁচনিখন কাগজে পত্ৰইহে চলি আছে।

আঁচনিখনৰ জৰিয়তে বিগত ৯টা বছৰে কোনো এটা পৰিয়ালক যোগান ধৰিব পৰা নাই এটুপি বিশুদ্ধ পানী। গাঁও খনত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ লক্ষ্যৰে ২০০৮ চনত তদানীন্তন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু স্থানীয় বিধায়ক ইলিয়াচ আলীয়ে আচনি খনৰ শুভাৰম্ভ কৰিছিল।

আঁচনি খনে প্ৰথম অৱস্থাত কেইমাহমান বিশুদ্ধ খোৱা পানী যোগান ধৰিছিল যদিও পিছলৈ একাংশ বিষয়া-কৰ্মচাৰীৰ অমনোযোগিত, অদূৰদৰ্শীতা তথা চৰম অৱহেলাৰ বাবে বিগত ৯ বছৰ ধৰি বন্ধ হৈ পৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।