ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত খানাবাৰী পনেনয়নী গাঁৱত আজি এটি অজগৰ উদ্ধাৰ হয়৷ গাঁও খনৰ নুৰ হুছেইন নামৰ লোকজনৰ বাৰিৰ গছত আছিল অজগৰটো৷

সাপটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে৷ গছত সাপ উঠি থকাৰ খবৰ ৰাষ্ট্ৰ হবলৈ ধৰাত বহু লোকৰ সমাগম হয়৷ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কহিনুৰ ইছলামে খোৰাঘাট বন বিভাগৰ কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মী প্ৰবীন ৰায় আৰু পবিত্ৰ কুমাৰ ৰায় উপস্থিত হৈ অজগৰটো ধৰিবলৈ চেষ্টা কৰাত দুয়োগৰাকী বনক্ৰীক হাতত কামুৰে অজগৰটোৱে৷

জানিব পৰা মতে, এজন অত্যুৎসাহী যুৱকে হাতত ৰছিলৈ গছত উঠি নমাই আনিব যোৱাৰ সময়তে অজগৰটো তলত সৰি পৰে৷ মফিজুল হক নামৰ যুৱকে জনে গছৰ ওপৰত উঠিব নাপাওতে তলত পৰে৷ বনকৰ্মী দুগৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজে৷ বন বিভাগে অজগৰটোক মহামায়া বনাঞ্চলত এৰি দিয়ে৷