
নলবাৰীঃ ‘অসম আৰু আকাশবাণী গুৱাহাটী’ শীৰ্ষক বিষয়ত এখন কুইজ প্ৰতিযোগিতা সোমবাৰে নলবাৰীৰ চ’কবজাৰস্থিত শংকৰদেৱ একাডেমীত অনুষ্ঠিত হৈ যায়৷ নলবাৰীৰ ‘প্ৰজ্ঞা’ নামৰ সংগঠনটোৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমীৰ সহযোগত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে৷
পুৱা আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মনে বৃক্ষৰোপণ কৰি শুভাৰম্ভ কৰা দিনযোৰা কাৰ্যসূচীত জাতিৰ পিতা মহাত্মা গান্ধী আৰু দিলীপ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ড০ ৰাম প্ৰসাদ ভট্ট আৰু কবি বিনয় কুমাৰ মজুমদাৰে৷ তাৰ পাছতেই কুইজ প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক গোস্বামীয়ে৷
আবেলি অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰে আকাশবাণী কেন্দ্ৰ, গুৱাহাটীৰ সঞ্চালক দীলিপ কুমাৰ দাস, শিক্ষাবিদ ড০ দিনমণি ভাগৱতী, গিৰিন্দ্ৰ কুমাৰ ভট্ট, ড০ অমৰ কুমাৰ নায়ক, সঞ্জীৱ কুমাৰ গোস্বামী, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, হাইস্কুল শিক্ষক সন্থাৰ নলবাৰী জিলা সম্পাদক উমেশ দাসে৷
শংকৰদেৱ একাডেমিৰ সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, ‘প্ৰজ্ঞা’ৰ সভাপতি ডা০ সমুজ্জ্বল ভৰদ্বাজ আৰু অন্যতম উদ্যোক্তা ভৱজিত বেজবৰুৱাই আঁত ধৰা কুইজ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে দুল হাজৰিকা, হেমন্ত গগৈৰ দলে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে দ্বীজেন ডেকা, সৌৰভ তালুকদাৰৰ দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰূপম গোস্বামী, কমল মেধীৰ দলে।