
নগাঁও টাউনঃ নগাাঁও ফ্ৰেইণ্ডছ ফ'ৰাম আৰু নগাঁও কুইজ ফ'ৰামৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিক বিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা 'গ্ৰীষ্মৰ এদিন' আজি দিনযোৰা কাৰ্যসূচীৰে নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।
সমগ্ৰ অসমৰ প্ৰায় ৭০ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত দিশপুৰৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ ৰক্তিম ৰঞ্জন বৈশ্য আৰু কটন বিশ্ববিদ্যালয়ৰ অংকুৰজ্যোতি শৰ্মাৰ দল চেম্পিয়ন হয়। ইয়াৰ লগতে শিশু বিদ্যাপীঠ কুঁৱৰীটোলৰ ময়ূৰেশ শৰ্মা আৰু প্ৰাৰ্থ প্ৰতিম শৰ্মাৰ দলে দ্বিতীয় আৰু ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাধুৰ্য্যমোহন কাশ্যপ আৰু দ্বীপ শইকীয়াৰ দলে তৃতীয় স্থান দখল কৰে।
প্ৰতিযোগিতাখনিৰ প্ৰাৰম্ভিক পৰ্যায় অৰ্ণৱ বৰদলৈয়ে পৰিচালনা কৰাৰ লগতে চূড়ান্ত পৰ্যায়টো নয়নজ্যোতি বৰা আৰু বিশ্বজ্যোতি বৰাই পৰিচালনা কৰে। উল্লেখযোগ্য যে বিজয়ী দলসমূহক ট্ৰফী, মানপত্ৰসহিতে ক্ৰমে নগদ ৪০০০, ৩০০০, ২০০০ টকা প্ৰদান কৰা হয়। প্ৰতিযোগিতা খনিত পটেঞ্চিয়েল ক'চিং চেন্টাৰ, এক্সেল এডুকেশ্যণ চাৰ্ভিচেছ্ , শিশু আলোচনী ৰংমন, সৌভাগ্য বুক হাব, আৰ্হি নগাঁও, এমব্ৰাঅ' এডুকেশ্যন আদিয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায়।