newsnextone.com | গোৰেশ্বৰ/চাবুৱা/নলবাৰী/বৰপেটা/মাজুলী/মৰিয়নীঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বুধবাৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক ৰাইজে স্মৰণ কৰে৷ মহানগৰীৰ সমীপৰ সোণাপুৰত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়৷ ৰাভা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, সাংস্কৃতিক মন্ত্ৰী নৱ দলৈ, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি উপস্থিত থাকে৷

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে সোণাপুৰ মিনি ষ্টেডিয়ামত পালন কৰা ৰাভা দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে বিষ্ণু ৰাভাক স্মৰণ কৰি জাতিটোক ৰাভাৰ আদৰ্শৰে আগুৱাই নিব লাগিব বুলি পোষকতা কৰে৷ ৰাজ্যৰ সমগ্ৰীক উন্নয়ন কৰিবলৈ হ’লে সকলোৱে যোগাত্মক চিন্তা ধৰাৰ কৰাৰ প্ৰয়োজন আছে বুলি কয়৷ বৰাক-ব্ৰহ্মপুত্ৰৰ সমূহ ৰাইজে একত্ৰিত হৈ চলিব লাগিব বুলি কয়৷ 

ৰাজ্য চৰকাৰৰ সকলো কামত ৰাইজক নজৰ দিবলৈ কৈ দুৰ্নীতিত যাতে কোনো কাৰণত হ’ব নোৱাৰে তাৰ ওপৰত চকু দিয়াৰ আহ্বান জনাই কলাগুৰু বিষ্ণু ৰাভাক সকলোৰে হৃদয়ত জীয়াই ৰাখিবলৈ লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

NNO ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান নৱ-জাগৰণৰ উদ‍্যোগত মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত বিষ্ণুৰাভা দিৱস পালন কৰা হয়৷ ডিব্রুগড়ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ডি এইচ এচ কে মহাবিদ্যালয়, ডি এইচ এচ কে কমাৰ্চ কলেজ, মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়, ডিব্ৰু কলেজৰ ‘সাহিত্য আৰু সংস্কৃতিৰ দিশত এখোজ’ৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ হিৰণ্য গোহাঁই সেনাপতিৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন সভা৷ বিদ্যালয়ৰ শিক্ষক সঞ্জয় দত্ত, অৰুনিমা দাস, বিষ্ণু প্ৰিয়া বৰগোঁহাই, হেমালিনী বৰা, ৰিমা সেনাপতি, কল্পনা বৰুৱাৰ লগতে নৱজাগৰণৰ সভাপতি, সম্পাদক অাৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুৎসাগৰ দত্ত উপস্থিত থকা সভাত বিভিন্ন জনে গীত-মাত, আবৃত্তিৰে অনুষ্ঠানটো জীপাল কৰি তোলে। 

ডিব্ৰুগড় জিলাখনৰ বিভিন্ন ঠাইত দল-সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাভাৰ দিৱস উদযাপন কৰে৷ চাবুৱাৰ বগডোং ভঁৰলুৱা ৰাইজৰ বিপ্লৱী বীৰ সৈনিক বিষ্ণু প্ৰসাদ ৰাভাক সোঁৱৰণ কৰে৷ ভঁৰলুৱা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ পালন কৰা ৰাভা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে৷ 

ৰাভা দিৱস অনুষ্ঠানৰ স্মৃতি তৰ্পন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভক্তিবৰ গোঁহাইয়ে৷ ইয়াৰ পিছতে পতাকা উত্তোলন কৰে দিনজয় চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ধ্ৰুৱ নেওগে৷ বৃক্ষ ৰোপন কৰে ঘনশ্যাম নেওগে আৰু ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক আদিত্য বৰাই।

মুদৈ গাঁৱৰ নৱজাগৰণ যুৱ সংঘৰ উদ্যোগত নামঘৰ চাৰিআলিত ৰাভাৰ দিৱস পালন কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱক তথা চাবুৱা ৰেফাৰি সন্থাৰ সভাপতি দীপক বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে বগডোং হাইস্কুলৰ শিক্ষক উৎপল বৰুৱাৰ লগতে যতীন বৰুৱা, অমৃত গগৈ আৰু ২নং মুদৈ গাঁৱৰ যুৱ কল্যাণ সংঘৰ ৰাজীৱ দুলীয়া, কুনাল জিৎ গোহাঁই আদি। 

অানহাতে লাহোৱালৰ অালিমূৰ প্ৰাথমিক বিদ্যালয়ত অসম সংগ্রামী ঐক্য মঞ্চৰ মদাৰখাত আঞ্চলিক সমিতিৰ উদ্যোগত ৰাভা দিৱসৰ লগত সংগতি  ৰাখি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। মুকলি সভাত উপস্থিত থাকে অসম সংগ্রামী ঐক্য মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি কৰুণা শংকৰ দত্ত আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল গগৈয়ে৷ বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন প্ৰধান শিক্ষক মহন প্ৰসাদ চাহেই।

চাবুৱাত বৃহওৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত চাবুৱা অাৰক্ষী থানাৰ সমীপৰ মনোৰঞ্জন বৰুৱা নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ৰাভা দিৱসৰ লগত সংগতি ৰাখি উচ্চ অাৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উওীৰ্ণ মেধাৱী ছাত্র-ছাত্রীক অভিনন্দন জনায়৷

NNO গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক এছ এফ আই, ডিৱাইএফআই আৰু গণনাট্য সংঘৰ উদ্যোগত গোৰেশ্বৰত বিষ্ণুৰাভা দিৱস পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন অধ্যক্ষ মহীধৰ বড়োই। বন্তি প্ৰজ্বলন কৰে গণশিল্পী ঘন ডেকাই। গীত পৰিৱেশন কৰে গণনাট্য সংঘ আৰু সুৰ সংগম সংগীত বিদ্যালয়ৰ শিল্পীসকলে। বিষ্ণুৰাভা দিৱস উপলক্ষে আয়েজিত কৰা ‘অসমৰ জাতি জনগোষ্ঠীৰ ঐক্য আৰু নতুন সমাজ গঢ়াত বিষ্ণুৰাভাৰ মতাদৰ্শ’ শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ। আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ কিশোৰ কুমাৰ কলিতা আৰু গণশিল্পী ঘন ডেকা। ইয়াৰ পিছতে অনুষ্ঠিত হয় ভিন্নসুৰী সাংস্কৃতিক অনুষ্ঠান।

NNO গোৰেশ্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ গ্ৰাম্য জিলাৰ মুক্তাপুৰতো ৰাভা দিৱস উদযাপন কৰা হয়৷ মুক্তাপুৰৰ পাতিদৰং নৱাৰূণ সংঘৰ উদ্যোগত পাতিদৰং বিদ্যাপীঠ হাইস্কুল প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে পালন কৰা ৰাভা দিৱসৰ পতাকা উত্তোলন, স্মৃতি তৰ্পন, বৃক্ষোৰোপন আৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত দিনৰ ১১ বজাত ৰাভা সংগীত পৰিবেশন কৰা হয়৷ 

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দিনৰ ১২ বজাত এখন মুকলি সভা অনুষ্ঠিত হয়৷ বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ অমৃত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আতধৰে পাতিদৰং নৱাৰূণ সংঘৰ সভাপতি কনকসেন ডেকাই৷ সভাত পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হেম চন্দ্ৰ ডেকা আৰু সাংস্কৃতিক কৰ্মী ৰঞ্জন উপাধ্যায়ে ৰাভা দিৱসৰ ওপৰত বিস্তৃত ভাষণ ৰাখে৷ নৱাৰুণ সংঘৰ অন্তৰ্গত অঞ্চলটোৰ ২০গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী, ১০ গৰাকী বিশিষ্ট লোকক এখন মানপত্ৰ, কিতাপ আৰু গামোচাৰে সম্বৰ্ধনা যাচে৷

NNO নলবাৰীঃ নলবাৰীৰ বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাই যজ্ঞভূমি শাখা ছাত্ৰ সন্থাৰ উদ্যোগত পূৱ-বাঁহজানী গোপালথান বালিকা বিদ্যা মন্দিৰ হাইস্কুলৰ দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰে৷ পতাকা উত্তোলন কৰে বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি বিশ্বজিৎ মল্ল বুজৰ বৰুৱাই৷ পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ কৰে বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অলকেশ ডেকাই৷ কাৰ্যসূচীত উপস্থিত থাকি শ্বহীদ বেদীত ৮৫৫ গৰাকী শ্বহীদক শ্ৰদ্ধা জনাই যজ্ঞভূমি উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ শৰ্মাৰ লগতে কেইবাগৰাকীও স্থানীয় বিশিষ্ট লোকে৷ 

১০ বজাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে যজ্ঞভূমি আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন্দ্ৰ নাথ শৰ্মা লগতে মাল্যাৰ্পণ কৰে পূৱ-বাঁহজানী গোপালথান বালিকা বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ শৰ্মাই৷ ৰাভাৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনাই অৱসৰ প্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজ কৰ্মী, নাট্যকাৰ যাদৱ ডেকাই ৷ 

১০.৩০ বজাত দুটা শাখাৰ মাজত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতা উদ্বোধন কৰে পূৱ-বাঁহজানী গোপালথান বালিকা বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক মুকুল শৰ্মাই৷ বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাই পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু অষ্টমৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত বিষ্ণু প্ৰসাদ ৰাভাৰ সন্দৰ্ভত ৰচনা প্ৰতিযোগিতা আৰু উচ্চ শাখাৰ বাবে ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

বাঁহজানী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাৰ ফলাফল সমূহ ৩০ জুনত পূৱ-বাঁহজানী গোপালথান বালিকা বিদ্যা মন্দিৰ হাইস্কুলত ঘোষণা কৰাৰ লগতে কিতাপৰ টোপোলা আৰু মানপত্ৰৰে বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ আগন্তুক বিশেষ অভিনন্দন অনুষ্ঠানত পুৰস্কৃত কৰা হ’ব বুলি বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাই জানিবলৈ দিয়ে৷

NNO বৰপেটাঃ বৰপেটা টাউন হাইস্কুলত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। টাউন হাইস্কুলৰ ছাত্র-ছাত্ৰীসকলে গীত মাতেৰে অনুষ্ঠানতো জীপাল কৰি তোলে। অনুষ্ঠানত বৰপেটা টাউন হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্র-ছাত্ৰী উপস্থিত থাকে।

NNO মাজুলীঃ 'মাজুলীত কবিতা' নামৰ আলোচনী আৰু ফুলনি শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয়৷ ফুলনিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত অনুষ্ঠানৰ আঁতধৰে ফুলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অনিমা ওজাই৷ অনুষ্ঠানত মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ মাজুলী জিলা সমিতিৰ সম্পাদক জয়ন্ত হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু পৰিক্ৰমাৰ বিষয়ে মনোজ্ঞ আলোচনা আগবঢ়ায়৷

ইয়াৰ পিছতে কব -আবৃত্তিকাৰ পাৰুল বৰা মিলিয়ে বক্তব্য আগবঢ়োৱাৰ লগতে 'বিষ্ণুৰাভা এতিয়া কিমান ৰাতি' শীৰ্ষক কবিতা আবৃতি কৰি সকলোকে আপ্লুত কৰে৷ ফুলনি লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা কল্পনা দেৱীয়ে বক্তব্য আগবঢ়োৱাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতো পৰিৱেশন কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেত্ৰী শিক্ষয়ত্ৰী মিনা নাথে সাম্প্ৰতিক সমাজ ব্যৱস্থাত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা শীৰ্ষক বক্তৃতা আগবঢ়ায়৷ সু-লেখিকা কৃষ্ণা মেধিয়ে বক্তৃতা আৰু ধৰ্মপ্ৰাণ মহিলা কল্পনা নাথৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতে সকলোকে আপ্লুত কৰে৷

NNO মৰিয়নীঃ যোৰহাটৰ মৰিয়নীৰ বিদ্যালয়-মহাবিদ্যালয়ত ৰাভা দিৱস পালন কৰা হয়৷ মৰিয়নী মহাদেৱ আগৰৱালা, মৰিয়নী জাতীয় বিদ্যাপীঠ, মৰিয়নী নগৰ প্ৰাথমিক বিদ্যালয়, মৰিয়নী বেংগলী বিদ্যালয়, মৰিয়নী মহাবিদ্যালয়ত ৰাভা দিৱস পালন কৰে৷

ইয়াৰ লগতে দল-সংগঠন সমূহেও ৰাভা দিৱস পালন কৰা পৰিলক্ষিত হয়৷ কিংশুক আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিৰ উদ্যোগত মৰিয়নী থানা তিনিআলিৰ মৰিয়নী কিংশুক উদ্যানত ৰাভা সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়৷