গুৱাহাটীঃ ‘কাজিৰঙা ৱাইল্ড লাাইফ ছচাইটি’য়ে আজি প্ৰকৃতি প্ৰেমী ৰবীন বেনাৰ্জীৰ জন্মদিন পালন কৰে৷ ৰাজ্যৰ অগ্ৰণী সংস্থা ‘কাজিৰঙা ৱাইল্ড লাাইফ ছচাইটি’ প্ৰতিষ্ঠাপক তথা প্ৰকৃতি প্ৰেমী ৰবিন বেনাৰ্জীৰ জন্মদিনতো প্ৰকৃতি সংৰক্ষণ দিৱস হিচাপে পালন কৰে।

শনিবাৰে মহানগৰীৰ বামুণীমৈদামৰ অসম ক্ষুদ্ৰ উদ্যোগী সংস্থাৰ প্ৰেক্ষাগৃহত পালন কৰা এই বিশেষ দিনটোত তিনিজন প্ৰকৃতি প্ৰেমী তথা প্ৰকৃতি সংৰক্ষকক সম্বৰ্ধনা জনোৱা হয়।

ৰাজ্য চৰকাৰৰ প্ৰাক্তন অায়ুক্ত মোহন মালাকাৰ, শিক্ষাবিদ এছ পি বিশ্ৱাস, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ অনিল কুমাৰ গোস্বামী, সংস্থাৰ প্ৰাক্তন সভাপতি ৰমণীকান্ত ডেকা, বৰ্তমানৰ সভাপতি পদুম বৰঠাকুৰ, ডি ৱাই-৩৬৫ৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানত ৰবীন বেনাৰ্জীৰ জীৱনৰ বিষয়ে অালোকপাত কৰে সংস্থাৰ প্ৰাক্তন সভাপতি ৰমণীকান্ত ডেকাই। প্ৰকৃতি প্ৰেমী মনজুৰ হুচেইন, নগেন চৌধুৰী, অানন্দ খাটনিয়াৰক প্ৰকৃতি প্ৰেমী ৰবীন বেনাৰ্জীৰ জন্মদিন উপলক্ষে সম্বৰ্ধনা জনায় ‘কাজিৰঙা ৱাইল্ড লাাইফ ছচাইটি’য়ে৷