
বৰক্ষেত্ৰীঃ ১৮৭৯ চনত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ লাউপাৰা গাঁৱত। গাঁওখন পিছে এতিয়া নাই। গাঁওখনৰ স্মৃতি বিলীন হৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত৷
গাঁও নাথাকিলেও আজিও অসমীয়াৰ অন্তৰত সজীৱ চৌধাৰী৷ কামৰূপ আৰু নলবাৰী জিলাৰ বৰক্ষেত্ৰী, মুকালমুৱা আদিৰ ৰাইজে সাধু কথাৰ দৰে স্মৃতি ৰোমন্থন কৰে প্ৰতিথযশা সাহিত্যাক ৰঘুনাথৰ চৌধাৰী, পিতৃ ভোলানাথ চৌধাৰী আৰু মাক দয়ালতা চৌধাৰী তথা বিখ্যাত চৌধুৰী পৰিয়ালৰ কথা।
অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি যোৱা ৰঘুনাথ চৌধাৰীৰ জন্মস্থানৰ পৰা মাথো ৫ কিলোমিটাৰ নিলগত আজিৰ পৰা ৫০ বছৰ পূৰ্বে কেইগৰাকীমান শিক্ষানুৰাগী লোকে ৰঘুনাথ চৌধাৰীৰ নামেৰে এখন বিদ্যালয় স্থাপন কৰিছিল৷
ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে মুকালমুৱাত স্থাপন কৰা বিদ্যালয়খনে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব৷ মহান সাহিত্যিক গৰাকীক এই সুযোগতে আকৈ এবাৰ ৰোমন্থন কৰিব জন্মভূমিৰ আশে-পাশে থকা প্ৰতিজন লোকে৷
বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ অহা ২৭ আৰু ২৮ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়াৰ পৰাই বিভিন্ন কাৰ্যসূচী পালন কৰিছে৷ সোণালী জয়ন্তী উদযাপন সমিতিয়ে জিএনআৰচিৰ সহযোগত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অহা ২৯ জুলাইত বিদ্যালয় চৌহদত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে৷
এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ উদ্বোধন কৰিব ৰাজ্য চৰকাৰৰ অতিৰিক্ত স্বাস্থ্য সঞ্চালক টংকেশ্বৰ দাসে। উপস্থিত থাকিব বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোক। উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল বিদ্যালয়খনৰ ছাত্ৰ নুৰুল হকে৷