
তেজপুৰঃ বিদ্যালয় এখনে কেৱল মেধাই সৃষ্টি নকৰে, মেধাৰ লগতে মানৱীয় গুণ, সংস্কাৰ, শালীনতাবোধেৰে এটি শিশুক ৰাষ্ট্ৰ সম্পদ হিচাপে গঢ় দিয়ে। কিন্তু পূৰ্বৰ তুলনাত মেধা সৃষ্টিৰে চমক দিয়াৰ সমান্তৰালে দ্ৰুতগতিত হ্ৰাস পাইছে সজগুণ, মাৰ্জিত ব্যৱহাৰেৰে ছাত্ৰ জীৱন ধন্য কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা।
অসম ভেলী পাব্লিক স্কুল। উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক যাত্ৰাৰ অন্যতম প্ৰাণকেন্দ্ৰ। অতি ব্যয় বহুল আৰু অভিজাত বিদ্যালয়খনত অধ্যয়ন কৰাতো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এক সপোন। সম্প্ৰতি এই বিদ্যালয়খনো একাংশ দুষ্টবুদ্ধিৰ ছাতৰ বাবে যুদ্ধক্ষেত্ৰলৈ পৰ্যবসিত হৈছে।
৬ জুলাইৰ সন্ধিয়া ৬.৩০ বজাত বিদ্যালয়খনত ঘটা এক অঘটনে কালিমা সানিছে বিদ্যালয়খনৰ সুনামত। জানিব পৰা মতে, অষ্টম শ্ৰেণীৰ দুজন ছাত্ৰই নমিছ গেনেৰিয়াল নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ এগৰাকীক বেয়াকৈ প্ৰহাৰ কৰে।
ফলত ছাত্ৰগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয়। তিনি-চাৰিখনকৈ প্লেট মুখমণ্ডলত সংস্থাপিত কৰাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষই বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালবৰ্গই।
জনপ্ৰিয় ৰেষ্টলিং শ্ব' WWF ৰ আৰ্হিত ছাত্ৰগৰাকীক প্ৰহাৰ কৰা বুলি গুণাগঁথা চলাৰ সময়তে পৰিয়ালবৰ্গই এয়া এক ৰেগিঙৰ ঘটনা বুলি চাৰিদুৱাৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।
আনহাতে বিদ্যালয় কৰ্তৃপক্ষই এয়া ৰেগিঙৰ ঘটনা নহয় বুলি দাবী কৰে। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নেমকেয়াৰ হস্পিতাললৈ ছাত্ৰগৰাকীক উন্নত চিকিৎসাৰ বাবে স্থানান্তৰিত কৰা হৈছে।