16
Oct
2017

গুৱাহাটীঃ খাপলাং কাই আৰু নাই। খাপলাই কাই চৰিত্ৰত অভিনয় কৰি যোৱা কেবাটাও বছৰ ধৰি অসমৰ দৰ্শকক আমোদ দি অহা বিশিষ্ট অভিনেতা খাপলাং কাই আৰু নাই।
দেওবাৰে নিশা ১১.৩০ বজাত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যুক আকোৱালি লয় জনপ্ৰিয় অভিনেতা ৰাহুল দাসে।
সংগীত শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ৰাহুল দাস পিছলৈ হৈ পৰে সকলোৰে আদৰৰ খাপলাং কাই। বুলবুল হুছেইনৰ লগত সংগীতত গীতাৰীষ্ট হিচাপে সংগীতৰ ক্ষেত্ৰত ভৰি দিছিল অভিনেতা জনে।
পিছলৈ 'ঐ ৰহিলা' ভিচিডি খনত খাপলাঙৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰে সমগ্ৰ অসমতে। মৃত্যুৰ আগলৈকে ৰং চেনেল যোগে সম্প্ৰচাৰিত হৈ থকা ঐ খাপলাঙত মুখ্য চৰিত্ৰত অভিনয় কৰি আছিল ৰাহুল দাসে।