গৰৈমাৰীঃ অসমৰ কংগ্ৰেছীয়ে নাপহৰিলে ৰাহুল গান্ধীৰ জন্ম দিন৷ দলটো ৰাজ্য তথা কেন্দ্ৰৰ শাসনত নাই যদিও তেওলোকৰ নেতা ৰাহুল গান্ধীৰ জন্মদিনত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত ফল-মূল বিতৰণ কৰিলে নেতা-কৰ্মীয়ে৷

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীৰ চৌতাৰা দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত ফল-মূল বিতৰণ কৰি এক ব্যতিক্ৰমী ধৰণেৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ উপ-সভাপতি ৰাহুল গান্ধীৰ জন্ম দিন পালন কৰে।

ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰেজ্জাকৰ নেতৃত্বত আয়োজিত গান্ধীৰ জন্ম দিনটোত কংগ্ৰেছীসকলে চৌতাৰাস্থিত দক্ষিণ কামৰূপ মুখ বধিৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ফল মূল বিতৰণ কৰে।

কাৰ্যসূচীত ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰেজ্জাক, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নুৰুল ইছলাম, সাধাৰণ সম্পাদক কাদেৰ সৰকাৰ, যুৱ কংগ্ৰেছ কৰ্মী ক্ৰমে আফজালুৰ ৰহমান,আব্দুছ ছাত্তাৰ, বিল্লাল হুছেইনকে আদি কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে