গুৱাহাটীঃ উন্মুক্ত ৰেল লাইন এতিয়া মৰণ ফান্দত পৰিণত হৈছে কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰী থানাৰ অন্তৰ্গত দেউদুৱাৰ অঞ্চলৰ লোকৰ বাবে৷ বছৰ বছৰ ধৰি দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পিছতো ৰেল গেট বহুৱাবলৈ আহৰি নোপোৱা ৰেল বিভাগে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বৃহস্পতিবাৰে উন্মুক্ত ৰেল পথ পাৰ হবলৈ ধৰা এখন মেজিক গাড়ীত যাত্ৰীবাহী ৰেলে খুন্দা মৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাইহাটা-চাংসাৰী অঞ্চলত৷

জানিব পৰা মতে, বিয়লি সংঘটিত হয় এই ঘটনাত দুজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও মেজিক গাড়ীখন ভাঙি-ছিঙি নষ্ট হয়৷ দেউদুৱাৰৰ টুহুৰা গাঁৱৰ মধ্যবৰ্তী ৰেল লাইনত সংঘটিত এই ঘটনা৷ দুজন লোকে মেজিকত সামগ্ৰী কঢ়িয়াই আনি থকাৰ সেই সময়তে তীব্ৰবেগী এখন যাত্ৰী বাহী ৰেলৰ সন্মুখত পৰে মেজিক খন। মেজিক খনৰ চালক আৰু লগত থকা আন এজন লোকে কেনেবাকৈ বাহিৰলৈ ওলাই যাবলৈ সক্ষম হয়৷

তাৰ পিছত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷ ৰেল মন্ত্ৰী ৰাজেন গোহাই মূৰ্দাবাদ ধ্বনিৰে ৰেল পথ অৱৰোধ কৰে কেইবা শতাধিক পুৰুষ-মহিলাই৷ প্ৰয়াত সমাজকৰ্মী আব্দুল হান্নান দেৱান আৰু তেওঁৰ মাতৃ একে ঠাইতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰাৰ পিছত চৰকাৰে Un Manned Level Crosing স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে প্ৰতিশ্ৰুতি পালন নকৰিলে৷ ফলত নিতৌ এনেকুৱা এনে দুৰ্ঘটনা সংঘটিত হৈ আছে৷