জাগীৰোডঃ দেওবাৰে মৰিগাঁও জিলাৰ জাগীৰোডত কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৰেলৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে৷ জাগীৰোড চহৰত ৰাইজে দীৰ্ঘ দিনে এখন উৰনীয়া সেঁতু নিৰ্মাণৰ দাবী জনাইছিল৷

ছাত্ৰ-ছাত্ৰী, ৰোগীয়া লোক, চাকৰিয়াল সকলে ব্যাপক সমস্যাত পৰাত ৰাইজ দাবীৰ প্ৰতি সহাৰি জনাই ৰেলৱে ক্ৰচিঙৰ ওপৰত সংযোগী উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে দেওবাৰে আধাৰশিলা স্থাপন কৰে ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে। প্ৰায় ৪৫ কোটি টকাৰে নিৰ্মাণ হবলগীয়া উৰণীয়া সেঁতু খনৰ কাম আগন্তুক দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে ৰেল বিভাগে।

উৰণীয়া সেঁতু খন সম্পূৰ্ণ হলে জাগীৰোড তথা মৰিগাঁও জিলাবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব। দৈনিক প্ৰতি ঘন্টাত ৪/৫ বাৰকৈ ৰেল ক্ৰচিংটো বন্ধ হোৱাত যাত্ৰা পথত হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে পথচাৰি। অবশেষত ৰেল বিভাগে লোৱা এই পদক্ষেপক মৰিগাঁও জিলাবাসীয়ে আদৰণি জনাইছে। দেওবাৰে উৰণীয়া সেঁতুৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত আছিল এনএফ ৰেলৱেৰ জিএম এন কে প্ৰসাদ আৰু জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই।