
কামপুৰঃ বিয়া পাতিবলৈ আহিছিল ৰাজস্থানৰ পৰা৷ পিছে বিয়া পতা নহ’ল৷ মহিলাৰ ৰোষত পৰি ৰঙা ঘৰৰ আলহীহে হ’ব লগা হ’ল তিনি ৰাজস্থানী যুৱক৷ এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বৰকলাত৷
এগৰাকী ১৪ বছৰীয়া কিশোৰীক গোপনে বিয়া কৰাই লৈ যাবলৈ আহিছিল ৰাজস্থানৰ তিনি যুৱকে৷ ঘটনা অনুসৰি এই তিনি ৰাজস্থানী যুৱকৰ সৈতে চিনাকি হৈছিল ৰাজস্থানৰ কোম্পানীত কাম কৰা বৰকলা গাঁৱৰ অৰুণ হাজৰিকা নামৰ যুৱকজনৰ৷ ৰাজস্থানৰ এজন যুৱকে বিয়া পাতিবলৈ কইনা বিচৰাত অৰুন হাজৰিকাই চিনাকি কৰাই দিছিল একে গাঁওৰে ৰংমন ডেকাৰ ১৪ বছৰীয়া জীয়াৰীৰ সতে৷
প্ৰথমে ফোনত প্ৰেম আৰম্ভ হ’ল ৰাজস্থানী যুৱক আৰু ৰংমন ডেকাৰ ১৪ বছৰীয়া কন্যাৰ৷ পাছত ৰাজস্থানৰ যুৱকজৱনে বিয়াৰ প্ৰস্তাৱ আগবঢ়াই কিশোৰীৰ বাপেকৰ সতে কথা পাতে৷ দৰিদ্ৰ ৰংমন ডেকাই আগ-পিছ নুগুনি বিয়াৰ বাবে ৰাজী হৈ যোৱাত আজি ৰাজস্থানী যুৱকজনে আন দুজন যুৱকৰ সতে এখন টেম্প’ত উঠি কিশোৰীগৰাকীক কোৰ্ট মেৰেজ কৰি নিবলৈ আহে৷
উল্লেখ্য যে, ভালপোৱাৰ খেল খেলি অথবা বিয়া পাতিম বুলি প্ৰলোভন দেখুৱাই একাংশ ব্যক্তিয়ে গাঁৱৰ সাধাৰণ ছোৱালীক বহিঃৰাজ্যলৈ নি অসাধু কাম সাধন কৰা ঘটনা এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সেই সন্দেহতে স্থানীয় মহিলা সমিতিয়ে ঘটনাৰ উম পাই তিনি যুৱকক বাট আগুছি সোধ-পোছ কৰে৷
কিন্তু সন্মুখত মহিলাৰ দল দেখি ৰাজস্থানী যুৱককেইজন পলাবলৈ বিছৰাত অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়৷ আনহাতে যুৱককেইজনৰ পলায়নবাদী আচৰণ দেখি নাৰী চক্ৰৰ লগত যুৱককেইজন জড়িত থকাৰ সন্দেহ ঘনীভূত হোৱাত মহিলা সমিতিয়ে যুৱক কেইজনক আটক কৰি বেবেজীয়া আৰক্ষীক গতাই দিয়ে৷
বিয়া পাতিবলৈ আহি বৰ্তমান তিনি ৰাজস্থানী যুৱক বেবেজীয়া আৰক্ষী চকীৰ আলহী হৈ আছে৷