
লংকাঃ মৃত্যু আহে সংগোপেনে৷ কাৰ মৃত্যু কত, কেতিয়া হয় কোনে জানে৷ মৃত্যু চিৰন্তন সত্য৷ মৃত্যু চিৰন্তন সত্য যদিও কেতিয়াবা কাৰোবাৰ মৃত্যুক সহজে লব নোৱাৰি৷ হয়, হোজাই জিলাৰ লংকাৰ দুই ছাত্ৰ নেতাৰ মৃত্যুক কোনেও সহজে লব পৰা নাই৷
লংকা অঞ্চলৰ সকলোৰে আপোন, আদৰৰ দুই ছাত্ৰ নেতাৰ মৃত্যুত সকলোৱে চকুলো টুকি মাত্ৰ কৈছে আমি আমাৰ সন্তানক হেৰাইছে৷ কোনোৱে কৈছে আমি ভাতৃ-বন্ধু হেৰালো৷ প্ৰকৃততে হিন্দু-মুছলমানক কন্দুৱাই অচিনা দেশলৈ মেলানি মাগিলে দুই আছু নেতা মিন্টু মুদৈ আৰু ৰাজীব দেয়ে৷ দেওবাৰে নিশা পথ দুৰ্ঘটনাত আছুৰ দুই ছাত্ৰ নেতাই অকাল মৃত্যুক সাৱটি লব লগা হয়৷
দেওবাৰে নিশা প্ৰায় ৯ বজাত নগাঁৱৰ পৰা লংকা অভিমুখে বাইকত আহি থকা অৱস্থাত যমুনামুখৰ সৰু পথাৰত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক দুৰ্ঘটনাত পতিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ লংকা আঞ্চলিকৰ দুই ছাত্ৰ নেতাৰ মৃত্যু হয়৷ ছাত্ৰ সন্থাৰ লংকা আঞ্চলিকৰ মুখ্য আহ্বায়ক আছিল মিন্টু মুদৈ আনহাতে ৰাজীৱ দে’ আছিল সাংস্কৃতিক সম্পাদক৷
আছুৰ দুই ছাত্ৰ নেতাৰ আকস্মিক মৃত্যুত লংকাত শোকৰ ছাঁ পৰে৷ সোমবাৰে দুয়ো ছাত্ৰ নেতাৰ মৃতদেহ লংকাৰ গৃহলৈ আহি পোৱাৰ পিছতে এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা যাচে দুয়ো ছাত্ৰ নেতাক৷ স্থানীয় শ্মশানত শ-শ হিন্দু মুছলমানে দুয়ো ছাত্ৰ নেতাৰ শেষকৃত্য সম্পন্ন কৰে৷