
newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজভোগৰ ক্ষমতা হাতৰ পৰা যোৱাৰ পিছৰে পৰা সংকটৰ ক’লীয়া ডাৱৰ আঁতৰা নাই ৰকিবুলি হুছেইনৰ৷ একালৰ মহাপ্ৰতাপী মন্ত্ৰীয়ে এতিয়া সতীৰ্থৰ অভিযোগত চৰকাৰৰ ৰোষত পৰিব লগা হৈছে৷ একালৰ মহাপ্ৰতাপী মন্ত্ৰীৰ এতিয়া ঘৰে-দুৱাৰে সম্পত্তি বিচাৰি অভিযান চলাইছে ৰাজ্য চৰকাৰে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ সবিশেষ বিচাৰি অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ ভিজিলেন্সে৷
কংগ্ৰেছ নেতাগৰাকীৰ সম্পত্তি বিচাৰি বৃহস্পতিবাৰে অসম আৰক্ষীৰ এটা দল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ নেতৃত্বত দিল্লীত উপস্থিত হয়৷ দিল্লীৰ অসম ভৱনৰ সমীপৰ গুৰুগ্ৰামত ৰকিবুলৰ সম্পত্তি বিচাৰি অভিযান চলায়৷ বৃহস্পতিবাৰে গুৰুগ্ৰামৰ চাহাৰা মলৰ সমীপৰ ডিএলএফ ফেজ-২ আৰু এটা বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত অসমৰ পৰা যোৱা দলটোৱে চলাই অভিযান৷
উল্লেখ্য যে, ৰকিবুলৰ একালক ঘনিষ্ঠ সতীৰ্থ অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰীজনৰ অসংখ্য সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল৷ অনিল ৰাজাৰ এই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্তৰ নিৰ্দেশ দিয়ে৷
ইফালে দিল্লীৰ বসন্ত কুঞ্জ আৰু বসন্ত বিহাৰতো প্ৰাক্তন মন্ত্ৰী ৰকিবুল বুছেইনৰ গোপন সম্পত্তি থকা বুলি তথ্য লাভ কৰাৰ খবৰ আহিছে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এই তথ্যৰ ভিত্তিতে শুকুৰবাৰে পুৱাৰ পৰা পুনৰ বসন্তকুঞ্জৰ হাউছ নং চি-৫-৬০ত অভিযান চলাই বুলি জানিব পৰা গৈছে৷