
গোৰেশ্বৰঃ নিখিল ভাৰত কৃষক সভাই বাক্সা জিলাৰ গোৰেশ্বৰত সোমবাৰে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, গণতন্ত্র ৰক্ষাৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জোঁৰ সমদল উলিযায়৷
গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগতো সন্ধিয়া জোঁৰ সমদল উলিওৱা হয়। এই কাৰ্যসুচীৰ জড়িয়তে মূল্যবৃদ্ধি হ্ৰাস কৰা, উৎপাদিত ফচলৰ কৃষকক উচিত মূল্য প্ৰদান কৰা, মাটিৰ পট্টাৰ সমস্যা সমাধান কৰা, বানপানী- খৰাখহনীয়া আদিকে ধৰি মুঠ দহ দাবী উত্থাপন কৰি জোঁৰ সমদল উলিয়াই কৃষক সংগঠনটোৱে।
সমদলকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, সংখ্যালঘুক ওপৰত বিজেপিয়ে আক্ৰমণ কৰা বন্ধ কৰক আদি শ্ল’গান দি আকাংশ-বতাহ কপাই তোলে। ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ কাণ্ডৰো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
মনকৰিবলগীয়া যে বিজেপি চৰকাৰে কৃষকৰ হৈ মুঠেও কাম কৰা নাই আৰু কৃষকৰ সমস্যাতকৈ ধনীক শ্ৰেনীৰ সমস্যা সমাধানৰ বাবেহে কাম কৰি আছে বুলি কয় প্ৰতিবাদকাৰীয়ে। দিনক দিনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে দুখীয়া শ্রেণীৰ লোকৰ জীয়াই থকাই সমস্যা হৈছে পৰা বুলিও কয়।