
newsnextone.com | ডিফুঃ মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ডিফু কটন এণ্ড জিনিঙ মিল কো অপাৰেটিভ লিমিটেডৰ অধ্যক্ষ ৰামচিং ইংতিৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টিয়ে এক শোক সভা অনুষ্ঠিত কৰে৷
শোক সভাত উপস্থিত থকা গুণমুগ্ধসকলে প্ৰয়াত ইএম গৰাকীৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়৷
শোক সভাত পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি তথা ইএম ৰতন টেৰণ, ইএম প্ৰদীপ ডিফুচা, উপস্থিত থাকে৷ লুম্বাজং ব্লক মণ্ডল সমিতিৰ সভাপতি ৰাজেশ হাঞ্চেৰ পৰিচালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ধ্ৰুবজ্যোতি মাইবংচাই৷ সভাত বিজেপিৰ বিভিন্ন মৰ্চাৰ নেতৃবৰ্গ উপস্থিত থাকে বিজেপিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ আহ্বায়ক নিলমনি দেহে জানিবলৈ দিয়ে৷
প্ৰয়াত ৰামচিং ইংতি চিং কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হোৱাৰ লগতে বৰ্তমান বিজেপি দলৰ জ্যেষ্ঠ কৰ্মী আৰু ডিফু কটন এণ্ড জিনিঙ মুলৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছিল৷ ইংতি দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত ভুগি মঙলবাৰে ডিমাপুৰৰ এখন হস্পিতালত ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পৰিষদৰ সচিবালয় বন্ধ ৰাখে৷