02
Nov
2018

নতুন দিল্লীঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এইবাৰ আৰ এছ এছে গণ আন্দোলন গঢ়ি তুলিব। সংগঠনটোৰ দ্বিতীয় শীৰ্ষ নেতা সুৰেশ যোশীয়ে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ''অতি শিঘ্ৰে ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব। আমি আত্মবিশ্বাসী...।'' ইতিমধ্যে বহু পলম হৈ গৈছে, আৰু পলম কৰিব নোৱাৰি বুলি মন্তব্য কৰে নেতাজনে।
মন্দিৰ নিৰ্মাণৰ বাবে ১৯৯২ চনৰ দৰে আন্দোলন কৰিব নেকি বুলি সোধাত তেওঁ কয়, ''আৱশ্যক হ'লে কৰিম''।
ৰাম মন্দিৰৰ দৰে স্পৰ্শকাতৰ বিষয়ত আদালতে প্ৰাধান্য দিব লাগে বুলিও তেওঁ আহ্বান জনায়। মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰে এখন আইন প্ৰণয়ণ কৰিব লাগে, এয়া তেওঁৰ দাবী।