
ৰঙিয়াঃ ৰাজ্যৰ বিশিষ্ট শিল্পী, খোলবাদক, গণশিল্পী ৰমেশ চন্দ্ৰ দাস আৰু নাই৷ কামৰূপৰ ৰঙিয়াৰ গৰিয়াকোঠৰ নিজ বাসভৱনত দেওবাৰে দিনৰ ১২-১০ বজাত গণশিল্পী ৰমেশ চন্দ্ৰ দাসে মৃত্যুক আকোৱালি লয়৷ বিশিষ্ট খোলবাদক দাসে বিগত কেইবা মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৮২ বছৰ৷
ছাত্ৰ অৱস্থাৰ পৰাই তেজপুৰৰ ভিনীহিয়েকক ঘৰত থাকি তেজপুৰৰ বিদ্যালয়ত পঢ়া-শুনা কৰিছিল৷ সংগীতৰ প্ৰতি গভীৰ অনুৰাগ থকা ৰমেশ চন্দ্ৰ দাসক ভিনীহিয়েকক ব্যৱসায়ত সহায় কৰে৷ তেজপুৰত দাসৰ পৰিচয় ঘটে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাকে ধৰি কেইবাগৰাকী মণীষিৰ লগত৷
সাংস্কৃতিক জগতৰ এইসকল মহিষীৰ সান্নিধ্যলৈ আহি দাসৰ সংগীত জীৱনে প্ৰাণ পাই উঠে৷ অসমৰ সংস্কৃতিৰ হোতা সকলৰ শিশু অৱস্থাৰ পৰাই সান্নিধ্য লাভ কৰি তেওঁলোকৰ সৈতে বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰে৷ তেজপুৰত দাসে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ লগত ভালেমান নাটকত ভাগ লোৱাৰ উপৰি সংগীতত বাদ্য সংগত কৰি সকলোকে অভিভূত কৰি তুলিছিল৷
দাসে তেজপুৰত এইসকল মহিষীৰ সৈতে একেলগে প্ৰায় ২৫ বছৰ কাল কটাইছিল বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে৷ তেজপুৰত থকা কালতে দাসে কাৰ্পেন্ট্ৰি বিষয়ত আই টি আই পাছ কৰে৷ তেজপুৰত দীৰ্ঘকাল অতিবাহিত কৰাৰ পিছত তেওঁ ৰঙিয়াৰ গৰিয়াকোঠৰ ঘৰলৈ উভটি আহে আৰু ৰঙিয়াত সংগীতৰ ক্ষেত্ৰখন সমৃদ্ধি কৰাৰ কামত নিমজ্জিত হয়৷ নিজৰ জন্মস্থান গৰিয়াকোঠত তেওঁ 'অমৰজ্যোতি সংঘ' নামৰ এটি অনুষ্ঠানৰ জন্ম দিয়ে আৰু এই সংঘৰ জৰিয়তেই নিজৰ সাংস্কৃতিক জীৱন পৰিচৰ্যা চলাই নিয়ে৷
পিছলৈ তেওঁ 'অমৰজ্যোতি যাত্ৰা পাৰ্টী' নামেৰে এক অভিনয় কলাৰ অনুষ্ঠান জন্ম দি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শক ৰাইজক মনোৰঞ্জন দিবলৈ ধৰে৷ ৰমেশ চন্দ্ৰ দাসে সুন্দৰ হাৰমোনিয়াম বজাইছিল৷ অঞ্চলটোত তেওঁৰ প্ৰচেষ্টাতে পৰৱৰ্ত্তী সময়ত বহু সংগীত শিল্পীয়ে আত্মপ্ৰকাশ কৰে৷ খোলবাদনত তেওঁ আছিল বিশাৰদ৷ খোলবাদনৰ অপূৰ্ব শৈলীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকো আকৰ্ষিত কৰিছিল বুলি জনা যায়৷ তেওঁৰ খোলবাদন চাবলৈকে ৰাভাই কেইবাবাৰো দাসৰ গৰিয়াকোঠৰ ঘৰলৈ আহিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ শিল্পীগৰাকীয়ে পত্নীৰ উপৰি চাৰিগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়৷
দাসৰ ঘৰত ৰাভাই মাছ পোৰাৰে ভাত খাই আপ্লুত হৈছিল বুলি দাসৰ পত্নীয়ে আৱেগিকভাৱে সুঁৱৰে৷ পিছলৈ তেওঁ 'গৰিয়াকোঠ হৰেকৃষ্ণ দল' নামেৰে এটা সংকীৰ্ত্তন দল গঠন কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংকীৰ্ত্তন কৰিছিল বুলি জানিব পৰা গৈছে৷ জীৱিত কালত অসম চৰকাৰৰ শিল্পী পেঞ্চণ অথবা অন্য সকলোধৰণৰ সন্মানৰ পৰা বঞ্চিত দাসক ৰঙিয়াৰ বিভিন্ন অনুষ্ঠানে কেইবাবাৰো ৰাজহুৱাভাৱে সন্মান যাঁচিছিল৷
ৰঙিয়াৰ উদয়ন সংঘই ২০১৫ বৰ্ষত শিল্পীগৰাকীক বঁটা প্ৰদান কৰিছিল উদয়ন শিল্পী বঁটা৷ এগৰাকী আজন্ম শিল্পীৰ মৃত্যুত ৰঙিয়াত গভীৰ শোকৰ ছাঁ পৰে৷ অসম শিল্পী সন্থা, উদয়ন সংঘ, পূৱ ৰঙিয়া প্ৰগতি সংঘ, ৰঙিয়া আলোচনী সভা, স্বৰগোষ্ঠী, ৰঙিয়া প্ৰেছ ক্লাৱ, মধ্য ৰঙিয়া ৰঙালী বিহু সন্মিলন, ৰঙিয়া জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন, অমৰজ্যোতি সংঘকে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে এইগৰাকী নীৰৱ সাধকা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷
জন্মস্থান গৰিয়াকোঠত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা, সাধাৰণ সম্পাদক হেমন্ত দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতা, যুটীয়া সম্পাদক বিদ্যুৎ ডেকা, ক্ৰীড়া সম্পাদক তৰুণ কলিতা, সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতা অৰ্ণব ভড়ালী, প্ৰবাল বুজৰবৰুৱায়ো সংগীত সাধকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, প্ৰাক্তন বিধায়ক অনন্ত ডেকাই দাসৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ উপৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ আবেলি গৰিয়াকোঠত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷