
ডিজিটেল ডেস্কঃ আন্না হাজাৰে বৃহস্পতিবাৰে ভংগ কৰিলে অনিৰ্দিষ্টকালীন অান্দোলন৷ ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা মৈদানত আৰম্ভ কৰা এই আন্দোলন সমাপ্ত কৰিবলৈ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাবিজ আৰু কৃষি ৰাজ্য মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে আহ্বান জনায়৷
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা আন্না হাজাৰে আন্দোলনৰ প্ৰবক্তা জয়কান্তই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰে আন্না হাজাৰে দাবী কৰি অহা লোকপাল বিধেয়ক গৃহীত কৰাৰ বিষয়টোত সন্মতি প্ৰদান কৰে৷ চৰকাৰে লোকপাল বিধেয়ক শীঘ্ৰেই গৃহীত কৰা হ’ব বুলি আন্না হাজাৰেক আশ্বাস প্ৰদান কৰে৷
উল্লেখ্য যে, আন্না হাজাৰেৰ এই আন্দোলনৰ উদ্দেশ্য আছিল দেশত চলি থকা ৰাজনৈতিক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নিৰ্মূল কৰা৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰবিহীন নিকা শাসন-ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰিবৰ বাবেই আন্নাই লোকপাল বিধেয়কৰ পোষকতা কৰিছিল৷
সেই বিধেয়কৰ জৰিয়তেই দেশৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ নিৰ্মূল কৰাৰ বাবে ‘লোকপাল বিধেয়ক’ গৃহীত কৰিবলৈ ইউপিএৰ দিনটো আন্দোলন অব্যাহত ৰাখিছিল৷ পূৰ্বৰ চৰকাৰৰ দৰেই বিজেপিৰ চৰকাৰেও ৪বছৰ অতিক্ৰম কৰাৰ পিছতো লোকপাল গৃহীত নকৰিলে৷
চৰকাৰে কেৱল এই বিধেয়ক গৃহীত কৰাৰ আশ্বাসহে প্ৰদান কৰি আহিছে কোনো এই সমস্যা পূৰণৰ কোনো সময়সীমা বান্ধি দিয়া নাই৷ আনহাতে আন্নাই কৃষকৰ উৎপাদন কৰা সামগ্ৰীৰ উচিত মূল্য কৃষকক দিবৰ বাবে চৰকাৰক দাবী জনাই আহিছে৷ চৰকাৰে আন্নাৰ এই দাবী মানি লৈ কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য দুগুণ কৰা হ’ব বুলি ঘোষণা কৰে৷