
ৰঙিয়াঃ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত বোমা বিস্ফোৰণত নিহত লোকক সকলক বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি যাচে মধ্য ৰঙিয়া ৰঙালী বিহু সন্মিলনীয়ে। মধ্য ৰঙিয়া বিহু সমিতিয়ে ৰঙিয়া ৰঙিলী শিশু উদ্যানত বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি যাচে৷
অনুষ্ঠানটোত ৰঙিয়া প্ৰেছ ক্লাৱৰ সম্পাদক ফাৰুক হুছেইন আৰু জ্যেষ্ঠ সাংবাদিক মোস্তাফা কামাল আহমেদ উপস্থিত থাকে৷ বোমা বিস্ফোৰণত মুঠ ৫২গৰাকী লোকৰ মৃত্যু হৈছিল৷ ঘটনাৰ ৮ বছৰ উকলি যোৱাৰ পিছটো কোনো এখন চৰকাৰে ঘটনাৰ লগত জড়িত লােকক শাস্তি প্ৰদান কৰিব নোৱাৰিলে। বাৰে বাৰে নিহত লোকসকলৰ পৰিয়ালে ঘটনাৰ সৈতে জড়িত লোকক শাস্তি দিয়াৰ বাবে দাবী জনাই আহিছে যদিওঁ অসম চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷