
নলবাৰীঃ সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, প্ৰয়াত বিশিষ্ট সাংবাদিক-শিক্ষাবিদ ৰোহিনী মেধিৰ সোঁৱৰণত নলবাৰী জিলা সাংবাদিক সন্থাই প্ৰতিবৰ্ষতে এক বিশেষ বক্তৃতা অনুষ্ঠান সম্পন্ন কৰিব৷
আজি নলবাৰী “আছু” কাৰ্যালয়ত অনুষ্ঠিত হোৱা নলবাৰী জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্ব্বাহক সভাত ৰোহিনী মেধি স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
জিলা সাংবাদিক সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত সম্পন্ন সভাখনত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, উপ-সভাপতি তৰুণ ডেকা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ আন কেইবাগৰাকীও বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ এই সভাতে সন্থাৰ নৱগঠিত জিলা সমিতিখনক আনুষ্ঠানিকভাৱে কাৰ্যভাৰ প্ৰদান কৰা হয়৷