newsnextone.com | ৰঙিয়াঃ উত্তৰ পূৰ্বাঞ্চলক বঞ্চিত কৰাৰ অভিযোগত মঙলবাৰে ৰঙিয়াত কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে আছুৱে৷ ৰেলৱেত উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত আৰু উত্তৰ পূৱৰ থলুৱা শিক্ষীত যুৱক-যুৱতীক বঞ্চিত কৰাৰ বিৰুদ্ধে ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি ৰঙিয়া আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ সন্মুখত উপস্থিত হৈ ভাৰতীয় ৰেল বিভাগৰ বিৰুদ্ধে শ্ল'গান দি কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে ৰেল বিভাগৰ বিষয়াসকলে অসম বিৰোধী মনোভাব লৈ অসম তথা উত্তৰ পূৰ্বা অঞ্চল বিৰোধী লবিৰহৈ কাম কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে।

অসমৰ যুৱক-যুৱতীসকলে ৰেলবিভাগৰ প্ৰতিটো শ্ৰেণীৰ চাকৰীৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে দাসে। ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ এনে মনোভাব আঁতৰ কৰিবলৈ ছাত্ৰ নেতাজনে আহ্বান জনায়। অন্যথাই ভাৰতীয় ৰেলবিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে। 

প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, সাধৰণ সম্পাদক ভৱজ্যোতি ডেকা, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকা, সাধাৰণ সম্পাদক নিউটন কলিতাৰ লগতে আন কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।