ৰঙিয়াঃ পৃথক বড়ো ৰাজ্যৰ দাবীত নেৰানেপেৰা সংগ্ৰাম অব্যাহত ৰাখিছে এবছুৱে৷ পথ অৱৰোধ, অৱস্থান ধৰ্মঘটৰ পাছত পৃথক বড়ো ৰাজ্যৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই আজি পুৱাৰে পৰা ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰে।

বিটিএডিৰ চাৰিখন জিলাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ তাৰ মাজতে ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে এবছুৱে৷ পৃথখ ৰাজ্যৰ দাবীত ৰঙিয়া চহৰৰ সমীপৰ ছো’চাইতি চ’কত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া এবছুৱে৷

আনহাতে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত টায়াৰ জ্বলাই সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে পথ অৱৰোধ কৰে। চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে সংগঠনটোৱে। পৃথক বড়োলেণ্ড আৰু বিটিএডিৰ বাহিৰৰ বড়োসকলক ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ নিশ্চিত কৰাৰ দাবীত সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে৷