♦ ৰঙিয়াত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত শনিবাৰে আবেলি সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন সোক নিহত হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, প্ৰায় ৩.৩০ মান বজাত চেপ্তিৰ সঞ্চিত ডেকা নামৰ লোক এজনে ৰঙিয়া নগৰলৈ আহিবলৈ চ’কটোৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠে। মুহুৰ্ততে গুৱাহাটীৰপৰা নলবাৰী অভিমুখে তীব্ৰ গতিত আহি থকা ব’লেৰো গাড়ী এখনে ডেকাক খুন্দা মৰাত কিছু দূৰলৈ চিটিকি যায় আৰু ঘটনাস্থলীতে মৃত্যুক সাৱটি লয়।
গাড়ীখনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰাত উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি নলবাৰী আৰু গুৱাহাটী অভিমুখী সকলো গাড়ী-মটৰৰ চলাচল বন্ধ কৰি দিয়ে।
প্ৰায় এক ঘন্টা এনেদৰে গাড়ী মটৰসমূহ আবদ্ধ হৈ থকাৰ লগতে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কনভয়ো আবদ্ধ হৈ থাকিব লগা হয়। এনেদৰে ৰৈ থাকিব লগা হোৱাত বি টি চি প্ৰধানগৰাকী মানুহৰ বেহুফালি প্ৰতিবাদী ৰাইজৰ মুখামুখী হৈ পথটোৰপৰা আঁতৰি যাবলৈ কোৱাত প্ৰতিবাদকাৰী সকলে হাগ্ৰামা মহিলাৰীক বেয়া ব্যৱহাৰ কৰাত মহিলাৰীয়ে প্ৰতিবাদকাৰীৰ ওচৰত ক্ষমা বিচাৰে।
পাছত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ লগত আলোচনা কৰে। চেপ্তিৰপৰা ৰঙিয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে কোনোধৰণৰ ছাৰ্ভিচ ৰোড নথকাৰ বাবে এনেদৰে প্ৰায়ে উক্ত ঠাইত দুৰ্ঘটনাসমুহ হৈ থাকে বুলি অৱগত কৰাত অচিৰে ছাৰ্ভিচ ৰোডৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মহকুমা প্ৰশাসনৰ তৰফৰপৰা।
ইয়াৰ উপৰিও অহা সোমবাৰে দিনৰ ১১ বজাত মহকুমা প্ৰশাসন আৰু ৰাইজৰ মাজত ছাৰ্ভিচ ৰোড সম্পৰ্কত এক আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত হোৱাত ৰাইজে পথটো মুকলি কৰি দিয়ে।
উল্লেখ্য যে চেপ্তিত ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপতে সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ কাৰ্যালয় থকাৰ বাবে সেনাই ছাৰ্ভিচ ৰোডৰ বাবে ভূমি এৰি দিয়াৰ ক্ষেত্ৰত অমান্তি হয়। সেই বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই উক্ত অঞ্চলটোত ছাৰ্ভিচ ৰোডটো নিৰ্মাণ কৰিব পৰা নাই। যাৰফলত অঞ্চলটোৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটোৰে আহা-যোৱা কৰিব লগা হৈছে।