ৰঙিয়াঃ ৰঙিয়াৰ মৰাণজানাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। শিশু মহিলাসহ কেইবাজনো যাত্ৰী লৈ বৰপেটাৰপৰা গুৱাহাটী অভিমুখে গৈ আছিল বাছখন৷  

শুকুৰবাৰে যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা দ খাৱৈত বাগৰি পৰে৷ সৌভাগ্যক্ৰমে খাৱৈত পানী কম থকা হেতুকে এই দূৰ্ঘটনাত প্ৰান ৰক্ষা পৰে যাত্ৰীসকলৰ৷ যদিও, প্ৰায় দহগৰাকী যাত্ৰী কম পৰিমাণে আহত হয়।

উল্লেখ্য যে, আহত যাত্ৰীসকলক ততালিকে ৰঙিয়াৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷