ৰঙিয়াঃ ৰঙিয়া নগৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্টীয় ঘাইপথৰ মৰাণজানাত সোমবাৰে আবেলি সংঘটিত হয় এক পথ দুৰ্ঘটনা।

উদণ্ড গাড়ীচালকে পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা পাঁচজন লোকক মহটিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় লোককেইজন। আহত কেইজনৰ ভিতৰত দুগৰাকী সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে ৰাইজৰ প্ৰহাৰত গাড়ীখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়।

ঘটনা সম্পৰ্কত জানিব পৰা মতে, আবেলি গুৱাহাটীৰপৰা বেলশৰলৈ তীব্ৰ গতিত গৈ থকা এ এছ ০১ কিউ ৪৬০৫ নম্বৰৰ এখন মাৰুতী গাড়ীখনে পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা ফইনুৰ আলী নামৰ এজনক খুন্দা মাৰে।

তেওঁক খুন্দা মাৰিয়ে পথেৰে গৈ থকা আন চাৰিগৰাকী লোকক খুন্দা মাৰি গাড়ীখন পথৰ দাঁতিত বাগৰি পৰে । লগে লগে স্থানীয় ৰাইজে আহত সকলক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয় আৰু সামূহিক চিকিৎসালয়লৈ নিয়ে যদিও তেওঁলোকক জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

ইফালে  দুৰ্ঘটনা সংঘটিত কৰিয়ে পথৰ দাঁতিত বাগৰি পৰা গাড়ীখনৰ চালকজনক গণপ্ৰহাৰ দিয়াত চালকজন গুৰুতৰভাৱে আহত হয়। লগে লগে ৰঙিয়াৰপৰা চালক জনকো জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। ৰাইজৰ প্ৰহাৰত আহত চালক জনৰ নাম জানিব পৰা হোৱা নাই যদিও পথ দুৰ্ঘটনাটোত আহতসকল হ'ল মৰাণজানাৰ ফইনুৰ আলী (৪৫), আচিকা পাৰবিন (১১), গুৱাহাটীৰ ধিৰেণপাৰাৰ মনালিছা বৰ্মন (১২), নিত্যানন্দ বৰ্মন (৪৫), আৰু নিৰ্মলা বৰ্মন (৩৫)।

ইয়াৰে মনালিছা বৰ্মন আৰু আচিকা পাৰবিনৰ লগতে চালকজনৰ  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান আই চি ইউত মৃত্যুৰ সৈতে যুঁজি থকা মনালিছা বৰ্মনৰ পৰিয়ালৰপৰা জানিব পৰা মতে, তেওঁলোকে গুৱাহাটিৰপৰা কেন্দুকোণাৰ বামুনগাঁৱলৈ ফুৰিবলৈ আহিছিল। তেওঁলোক অহা বাছখন কেন্দুকোণাত নাৰাখি মৰাণজানাত ৰখাৰ বাবে ঘাইপথৰে খোজকাঢ়ি গৈ আছিল পৰিয়ালটো। উক্ত সময়তে মাৰুতীখনে এনেদৰে খুন্দিয়াই তেওঁলোকক আহত কৰে।

আৰক্ষী সুত্ৰৰপৰা জানিব পৰা মতে গাড়ীখন প্ৰণিতা দাস নামৰ মহিলা এগৰাকীৰ নামত আছে।