ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থনত বি জে পি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিধেয়কখনৰ সমৰ্থনত দিয়া বক্তব্যৰ বিৰুদ্ধে সমগ্ৰ অসমতে অব্যহত আছে তীব্ৰ প্ৰতিবাদ।

শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বিভিন্ন দল সংগঠনে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

আবেলি ৰঙিয়া মুৰৰা চ'কত ছাত্ৰ সংগঠনটোৰ ৰঙিয়া জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে।

সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত ৰঙিয়া আঞ্চলিক সমিতিৰ সহযোগত আনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ বৃহৎ সংখ্যাক কৰ্মকৰ্তাই মুৰৰা চ'কত উপস্থিত হৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিল কৰক, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসম বিৰোধী চিন্তা পৰিহাৰ কৰক, অসমৰ খিলঞ্জীয়া জনসাধাৰণক শান্তিৰে জীয়াই থাকিব দিয়ক আদি ধ্বনিৰে প্ৰতিবাদস্থলী কঁপাই তোলে।

এনেদৰে শ্ল'গান দিয়াৰ অন্তত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত উপস্থিত থকা ছাত্ৰ সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ সম্পাদক কৰেন্দ্ৰ কলিতাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিল ২০১৬ খনৰদ্বাৰা অসমৰ জনসাধাৰণৰ অস্থিত্ব বিপন্ন কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

জাতি-মাতি, বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ নেতৃত্বাধিন চৰকাৰখনে এনেদৰে অসমৰ বাবে ভয়াবহ সংকেট আনিব বিচৰা বিধেয়কখন সমৰ্থন কৰা বিষয়টো অসমৰ ইতিহাসত নজিৰবিহীন ঘটনা হৈ থাকিব বুলি ছাত্ৰ নেতাগৰাকী উল্লেখ কৰে।

ইয়াৰ বাবে অসমৰ জনসাধাৰনে কোনো দিনে এনেধৰণৰ ৰাজনৈতিক নেতা সকলক ক্ষেমা নকৰিব বুলিও জিলা সমিতিৰ সম্পাদকগৰাকীয়ে উল্লেখ কৰে। ইফালে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ উপ-সভাপতি দিবাকৰ কুমাৰ, ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি নৱজ্যোতি কলিতা, সম্পাদক আব্দুল কুদ্দুচ উপস্থিত থাকে।