
তুলসীবাৰী/ৰঙিয়াঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দল৷ কংগ্ৰেছ, বিজেপি, অগপ সকলোৱে এতিয়া দলৰ ভেটি শক্তি শালি কৰিবলৈ উঠি পৰি লাগিছে৷ মন্ত্ৰী-বিধায়ক কোনেও পিছ পৰি থকা নাই৷
শাসনৰ গাডীত বহি থকা বিজেপি দল পিছপৰি থকা নাই৷ বিজেপি দল বেছি তৎপৰ হৈ পৰা দেখা গৈছে। নিৰ্বাচনৰ ৰনকৌশল যুগুত কৰাৰ লক্ষ্যৰে তথা তৃণমুল পৰ্যায়ত দলক শক্তিশালি কৰিবলৈ তৎপৰ হৈ পৰিছে৷ তাৰ মাজতে শনিবাৰে ৰঙিয়া বিধান সভা সমষ্টিৰ ৰঙিয়াৰ চেপ্টিত বিজেপিৰ এখন কৰ্মী সভা অনুষ্ঠিত কৰে।
সভাত ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ উপৰিও বিজেপি নেতা শিশিৰ ভাগৱতী, ভৱেশ ডেকা, মহেন্দ্ৰ মহন্ত, ডাঃ খনীন্দ্ৰ কলিতা, গোপাল কাকতি প্ৰমুখ্যে আন কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে। প্ৰায় পাঁচ শতাধিক কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত বক্তা সকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক ঐক্যবদ্ধ প্ৰয়াসেৰে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়।