ৰঙিয়াঃ অবড়োসকলৰ কথা চিন্তা নকৰি বি জে পি শাসনত তথা কেন্দ্ৰীয় চৰকাৰখনে বড়োসকলক লৈ নতুনকৈ যি ইউ টি চি গঠনৰ প্ৰস্তুতি চলিছে, এই লৈ তীব্ৰ বিৰোধিতা কৰিছে অবড়ো সুৰক্ষা সমিতিৰ লগতে অসমৰ কেইবাটাও ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে।

শনিবাৰে এই উপলক্ষে ৰঙিয়াৰ ঐতিহাসিক শ্বহীদ কৃষক ভৱনত অনুষ্ঠিত হয় এখন সভা। অসমৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত শেহতীয়াভাৱে  কেন্দ্ৰীয় চৰকাৰে এবছু আৰু এন ডি এফ বিৰ লগত কেন্দ্ৰীয় চৰকাৰৰ এ বি মাথুৰৰ মধ্যস্ততাত লোৱা ইউ টি চিৰ প্ৰস্তাৱৰ পূৰ্ণ বিৰোধিতা কৰে।

অবড়ো সুৰক্ষা সমিতিৰ সভাপতি সুৰজ জামন চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসমৰ কেইবাটাও সংগঠনৰ বিশেষকৈ জনগোষ্ঠী সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, কোচ ৰাজবংশী ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰিয়া মৰীয়া যুৱ ছাত্ৰ পৰিষদ, কৃষি ভূমি অধিকাৰ সুৰক্ষা মঞ্চ, কংগ্ৰেছ দল, আদিকে কৰি কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে অকল বড়ো সকলক সন্তুষ্ট কৰাৰ বাবে ইউ টি চি গঠন কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা কৰে।

এই সন্দৰ্ভত অৱড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাই কয় যে কেন্দ্ৰীয় চৰকাৰে বি টি এ ডিত বাস কৰা ৭৫ শতাংশ অবড়ো জনসাধৰণৰ সুৰক্ষাৰ কথা নাভাবি ২৫ শতাংশ বড়ো লোকৰ কথা চিন্তা কৰি ইউ টি চি গঠন কৰাৰ বাবে লাগি পৰিছে। ইউ টি চি গঠন কৰিব পাৰিলে ইয়াৰ জৰিয়তে বৰ্তমান বি টি এ ডিত থকা  ৪০ টা সমষ্টিৰ পৰিৱৰ্তে  ইয়াৰ আসন বৃদ্ধি হ'ব ৮০ খনলৈ। লগতে বিধান সভা আৰু লোক সভাৰ আসন বঢ়োৱাৰ বাবে চেষ্টা কৰিব।

আন হাতে বি টি এ ডিৰ দক্ষিণ পাৰটো বি টি চিৰ অধিনলৈ আনি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰপৰা প্ৰস্তাৱিত বড়ো ৰাজ্য চাৰিসীমা বৃদ্ধি কৰি থকা হৈছে। তেনে কৰি লৈ ইউ টি চি গঠনৰ পাছতে বহু ঠাই নতুনকৈ বি টি এ ডিৰ অন্তভূক্ত হ'ব। তেনেস্থলত সময় থাকোতে অসমৰ সকলো ৰাজনৈতিক অৰাজনৈতিক দলে ইউ টি চি গঠনৰ বিৰোধিতা কৰি একগোট হৈ প্ৰতিবাদ কৰাটো প্ৰয়োজন বুলি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক গৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে।

লক্ষণীয়ভাৱে, এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এন ডি এফ বিৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে একাংশ অবড়ো লোকক ক্ৰয় কৰাৰ বাবে ধনলৈ ঘূৰি ফুৰা বুলিও অবড়ো নেতা কৰাকীয়ে উল্লেখ কৰে। ২২ লক্ষ অবড়োৱে পূৰ্বৰ দৰে বহি নেথাকে বুলিও যোগেশ কলিতাই হুংকাৰ দিয়ে । সভাত পূব কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক পবিন কলিতা, জনগোষ্ঠী সংগ্ৰাম সমিতিৰ নেতা হৰেশ্চৰ বৰ্মান, অবড়ো সুৰক্ষা সমিতিত উপ সভাপতি প্ৰণৱ নাৰায়ণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা জ্যোতিৰ্ময় কলিতা, কংগ্ৰেছ দলৰ দেৱব্ৰত কলিতা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুকুট ডেকা, গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি আজিজুৰ ৰহমান, কলিতা জনগোষ্ঠীৰ ভাস্কৰ কলিতা আদি নেতাসকল উপস্থিত থাকি ইউ টি চি গঠনৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন কৰে। সভাত জনগোষ্ঠী সংগ্ৰাম সমিতিৰ নেতা হৰেশ্চৰ বৰ্মনে তেওঁৰ ভাষণত কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজত তীব্ৰ সমালোচনা কৰে।

ইফালে সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপৰিও বিশেষকৈ এন ডি এফ বি আৰু এবছুৰ মাজত মধ্যস্থতা কৰা কেন্দ্ৰীয় চৰকাৰ এ বি মাথুৰৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংক সাক্ষাৎ কৰি বিষয়টোৰ ওপৰত বিৰোধিতা কৰি এখন স্মাৰক-পত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হয়।