
তুলসীবাৰীঃ কামৰূপৰ ৰঙিয়াত ৰাজ পথত এগৰাকী অগ্নিদগ্ধ যুৱক উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শনিবাৰে নিশা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত গড়ভিতৰ-বালাগাঁৱত ৰহস্যজনকভাৱে এখন মটৰ চাইকেল সহ অগ্নিদগ্ধ অৱস্থাত একাংশ লোকে উদ্ধাৰ কৰে যদিও কিছু সময় পিছত যুৱকজনৰ মৃত্যু হয়৷
জানিব পৰা মতে, ৰঙিয়া মহকুমাৰ তৰণী গাঁৱৰ মহেশ শীল নামৰ যুৱক জনৰ সৈতে উদ্ধাৰ কৰা মটৰ চাইকেল খনো অগ্নিদগ্ধ হয়৷ শনিবাৰে নিশা গড়ভিতৰ-বালাগাঁৱত একাংশ লোকে ৰাজ পথত যুৱকজনক এখন মটৰ চাইকেল সহ ঘাই পথত অগ্নিদগ্ধ অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে৷
ততাতৈয়াকৈ একাংশ লোকে যুৱক জনক উদ্ধাৰ কৰি ১০৮ এম্বুলেঞ্চৰ জৰিয়তে প্ৰথমে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যুৱকজনক। শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা যুৱকজনক উন্নত চিকিৎসাৰ বাবে ৰঙিয়া অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ জিএমচিএইচলৈ নি থকা অৱস্থাতে আদবাটতে অকাল মৃত্যুক সাৱটি লয়।
বাইকৰ দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ যুৱকজনে মৃত্যুক সাৱটি লোৱা ঘটনাক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে। পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে৷ ঘটনাৰ তদন্তৰ দাবী জনাই অঞ্চলবাসী ৰাইজে। জিএনআৰচিত গাড়ী চালক হিচাপে কাম কৰি আছিল যুৱকজনে৷ নিশা ঘৰলৈ আহি আছিল মটৰচাইকেলেৰে৷