
newsnextone.com | ৰঙিয়াঃ শনিবাৰে কামৰূপৰ ৰঙিয়াত বিৰোধী দল কংগ্ৰেছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজেপি চৰকাৰৰ জনবিৰোধী নীতি, অপশাসন আৰু পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিশ্বাসঘাতকতা দিৱস পালন কৰে।
কংগ্ৰেছৰ ৰঙিয়াত নগৰ ব্লক আৰু গ্ৰাম্য ব্লক সমিতিৰ উদ্যোগত চাইকেল পালন কৰা বিশ্বাসঘাতকতা দিৱসত শ-শ কংগ্ৰেছীয়ে চাইকেল চলাই, ঘোৰা গাড়ী, চাইকেল, ই-ৰিক্সা আদিত উঠি প্ৰতিবাদ সাব্যস্ত কৰে৷
জাতীয় নায়ক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুমুখীয়া নীতি পৰিহাৰ কৰক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক, মূল্য বৃদ্ধিৰ জৰিয়তে জনসাধাৰণক শাস্তি দিব দিয়া ন’হব আদি শ্ল’গানেৰে ৰঙিয়াৰ আকাশ-বাতাহ উত্তাল কৰি তোলে কংগ্ৰেছীয়ে৷ সমদলত ঘোৰা গাড়ী, চাইকেল, ই-ৰিক্সা আদিয়ে অংশ লয়৷
বিশ্বাসঘাটকতা দিৱসত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা নন্দা দেৱী দাস, নিখিল ভাৰত এনএছইউআইৰ সম্পাদিকা চালমা বেগম, জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰবীন শইকীয়া, ব্লক সভাপতি তাৰিফুল ইছলাম, যুৱ নেতা ৰাজীৱ খান, জিলা সমিতিৰ উপ-সভাপতি জতিলা বৈশ্য, প্ৰদীপ বড়ো, সম্পাদক মুৰতাজ ৰহমান, ব্লক কংগ্ৰেছৰ উপ-সভাপতি উদ্ধৱ দাস, পংকজ কলিতা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰনিতা দেৱী, ৰুমী বেগমে।