15
Jun
2017

ৰঙিয়াঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ শংকাত ভুগিছে ৰঙিয়াবাসী৷ সেনা-জোৱান তথা মটৰ চাইকেলৰ ডিলাৰৰ টকা বেংকৰ পৰা লুটি নিয়াৰ পাছত এইবাৰ মহিলা ব্যৱসায়ীপৰা লুটি নিলে নগদ ধন নথি-পত্ৰ।
ৰঙিয়াৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা৷ ৰঙিয়া বেচৰকাৰী বাছ আস্থানৰ চিলেকচন হাউচ নামৰ কাপুৰৰ দোকান খন বন্ধ কৰি তিনিআলি নিউ মাৰ্কেটৰ নিজ ঘৰলৈ গৈ থকা দিপ্তী শইকীয়া নামৰ মহিলা গৰাকীক বাইকত অহা দুৰ্বত্তই বিনাদ্বিধাই লুটি লৈ যায়।
বাইকত অহা দুই দূৰ্বৃত্তই প্ৰায় ত্ৰিশ হাজাৰ নগদ ধন সহ মহিলাগৰাকীৰ হাতৰ পৰা বেগটো লৈ তীব্ৰবেগে পলায়ন কৰে। মহিলা গৰাকীয়ে জানিবলৈ দিয়ামতে ৩০ হেজাৰ নগদ টকা সহ দোকানৰ চাবি আৰু বহু নথি পত্ৰ আছিল বেগটোত।
ইফালে ঘটনাৰ পিছতে ৰঙিয়া আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিওঁ বৰ্তমানলৈ কোনো ব্যক্তিকে আটক কৰিব পৰা নাই।