
newsnextone.com | ৰঙিয়াঃ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে বৃহস্পতিবাৰে ৰঙিয়াৰ চহৰৰ সমীপৰ কেন্দুকোণাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰবাদ সাব্যস্ত কৰে৷
বিজেপি চৰকাৰে গৃহিত কৰিব খোজা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিৰ দাবীত বিধেয়কৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায় সংগঠনটোৱে৷
পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সম্পাদক মোখতাৰ ৰহমানৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে জাতিধ্বংসী বিধেয়ক প্ৰত্যাহাৰ কৰক, অসম চুক্তিক অৱমাননা কৰা নচলিব, ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজক অপমান কৰা বন্ধ কৰক, অসমীয়াৰ স্বাভিমানক লৈ খেলা কৰা নচলিব, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গানেৰে কেন্দুকোণা চ’কৰ পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে কেন্দুকোণাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি চৰকাৰক এই বিধেয়ক বাতিল কৰাৰ বাবে সকীয়নি প্ৰদান কৰে৷