ৰঙিয়াঃ  ৰঙিয়া চহৰৰ তিনিআলি জাউৰাকুছিত আজি বঙাইগাঁওৰ এটা পৰিয়ালে আলহি খাৱলৈ আহি কণমানি তিনি বছৰীয়া কণ্যা শিশুক হেৰুৱাব লগা হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে । ঘটনাৰ বিবৰণি মতে ৰঙিয়া তিনিআলি জাউৰাকুছিৰ সুগদেৱ দত্তৰ ঘৰত বঙাইগাঁওৰ চাপৰাকাটাৰ ৰাজেন দত্ত পত্নী ৰূপাদত্তৰ লগতে তিনিবছৰীয়া কণমানি শিশু কেনিচা দত্ত আলহি খাৱলৈ আহিছিল । 

আজি দিনৰ ভাগত আলহি খাৱলৈ আহি দিনৰ এক মান বজাত ভাত খোৱাৰ বাবে ব্যস্ত হৈ থকাৰ সময়তে নোহোৱা হয় কণমানি শিশু কেনিচা । কেনিচাক বিচাৰি পৰিয়ালটোয়ে ইফালে সিফালে হাহাকাৰ কৰে কৰে । হঠাৎ কণমানিটোক ঘৰৰ সন্মুখত থকা পুখুৰী এটাত  উপঙি থকা দেখা যায় আৰু লগে লগে উপস্থিত লোকে পানীৰপৰা কণমানিটোক উপৰলৈ তুলি আনি পানী উলিয়াবলৈ চেষ্টা কৰে যদিও কণমানি জনীৰ মৃত্যু হোৱা বুলি ধাৰণা কৰি  ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্চিংহোমলৈ আনে। কিন্তু চিকিৎসকে কণমানি শিশুটোক পৰীক্ষাকৰি মৃত বুলি ঘোষনা কৰে। লগে লগে সমগ্ৰ অঞ্চলটোতে গভীৰ শোঁকৰ ছাঁ পৰে। 

গুৰুত্বপুৰ্ণ বিষয়টো হল যে ঘৰৰ সন্মুখত থকা পুখুৰিটোৰ চাৰিওফালে পকি বেৰ থকাৰ পিচটো কেনেকৈ শিশুটে পকি বেৰ পাৰহৈ পানীত পৰিল সেয়া এক ৰহস্যৰ বিষয় ।