ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ৰঙিয়াৰ উকিল সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

সদৌ অসম উকিল সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া উকিল সন্থাই দিনৰ ১১ বজাৰপৰা ১ বজালৈ ৰঙিয়া ন্যায়িক আদালতৰ চৌহদত ৰূপায়িত কৰে। ৰঙিয়া উকিল সন্থাৰ প্ৰায় ৫০ জনীয় প্ৰতিবাদকাৰী অধিবক্তা সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নানা ধৰণে শ্ল'গান দি বিধেয়কখনৰ বিৰোধীতা কৰে। 

দুইঘন্টা সময় প্ৰতিবাদ কৰাৰ অন্তত অধিবক্তা সকলে হাতে হাতে প্লে'কাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধীতা কৰি  ৰঙিয়া চহৰৰ মূল পথ সমুহেৰে শোভাযাত্ৰা কৰি পুনৰ ৰঙিয়া ন্যায়িক আদালতৰ সন্মুখত উপস্থিত হয়।