
ৰঙিয়াঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধীনৰ ৰঙিয়া আঞ্চলিক কৰ্মচাৰী পৰিষদৰ পুৰ্ণাঙ্গ সমিটিখন বুধবাৰে গঠন কৰা হয়। কালি দিনৰ ২ বজাত ৰঙিয়া নগৰৰ সোঁমাজত থকা ৰঙিয়া জৱাহৰলাল শিশু নিকেটন বিদ্যালয়ত এই উপলক্ষে অনুষ্ঠিত হয় এখন সাধাৰণ সভা।
ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিপুল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভা খনত ৰঙিয়াৰ সকলো কেইটা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী প্ৰতিনিধি উপস্থিত থাকাৰ উপৰিও জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। সভাখনত উপস্থিত থাকি কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে কৰ্মচাৰী সকলৰ সমস্যা আৰু পৰিষদৰ সাংগঠনিক সম্পৰ্কত বক্তব্য ৰাখে।
বিশেষকৈ সভাত উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হবিবুৰ ৰহমান, অসম কলেজ শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশী, জিলা সমিতিৰ উপদেষ্ঠা মুকুট চৌধুৰী, ৰঙিয়া জিলা সমিতিৰ সম্পাদক ৰাতুল লহকৰৰ লগতে জিলা সমিতিৰ মোহন মাধৱ বৰ্মনে ভাষণ ৰাখি পৰিষদৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাৰ অন্তত কেইটামান গুৰুত্ব পুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও কৰ্মচাৰী পৰিষদৰ ৰঙিয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়।
আনহাতে, ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী কুমাৰজিৎ বৈশ্যক সভাপতি আৰু ৰঙিয়া জলসিঞ্চন বিভাগৰ কৰ্মচাৰী লৱ কুমাৰ দাসক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰা হয়।