ৰঙিয়াঃ  ৰঙিয়া চহৰৰ হাইৱে চ’কৰ তিনিখন খনকৈ মোবাইল দোকানত সংঘটিত হয় চুৰি কাণ্ড। চোৰৰ দলটো দোকানৰ টিং খুলি চিলিঙৰ ভিতৰৰে প্ৰৱেশ কৰি এফালৰ পৰা মনপচন্দৰ মোবাইল ফোন সমূহ লৈ যায়। মুখত মাক্স পিন্ধি প্ৰেৱেশ কৰা চোৰ কেইটাৰ চুৰিকাণ্ডৰ সকলো দৃশ্য   CC TV কেমেৰাত বন্দী হল যদিও আৰক্ষীয়ে চিনাক্ত কৰিৱ পৰা নাই চোৰ কেইজনক । 

উল্লেখযোগ্য যে কেইমাহমানৰ  ভিতৰত চোৰে দোকান কেইখনত তিনিবাৰ চুৰিকাণ্ড সংঘটিত কৰে যদিও আৰক্ষীয়ে কোনো এজন চোৰকে বৰ্তমানলৈ আটক কৰিৱ পৰা নাই । ৰঙিয়া চহৰত এনেদৰে প্ৰায়ে চুৰি কাণ্ড সংঘটিত হৈ থকাৰ পিচটো আৰক্ষীৰ এনে ভূমিকাত ৰঙিয়াবাসী আৰক্ষীৰ ওপত খৰ্গহস্ত হৈ পৰিছে। জানিব পৰামতে প্ৰায় ল্যক্ষাধিক টকা মূল্যৰ মোবাইল চোৰে লুটি লৈ যায় ।

নছিউৰ ৰহমান,ৰঙিয়া