ৰঙিয়াঃ ৰঙিয়া পৌৰসভাত অব্যাহত আছে অচলা অৱস্থা৷ পৌৰপতিৰ আসন খনক লৈ খোৱা কামোৰা অব্যাহত আছে৷ যেন সকলোকে লাগে ক্ষমতা৷ কেতিয়াবা যদি বিজেপি আৰু কেতিয়াবা অগপ। ৰঙিয়া পৌৰসভাৰ পৌৰপতিৰ আসনক লৈ সমস্ত বেমেজালি৷ প্ৰথমে  বিজেপি, পিছত অগপৰ দখললৈ যোৱাৰ অন্তত পুণৰ বিজেপিৰ দখললৈ যোৱাৰ উপক্ৰম হৈছে পৌৰপতিৰ আসন৷ যাৰ বাবে বিজেপিয়ে আনন্দ প্ৰকাশ কৰা দেখা গৈছে।

অগপ দলৰ সমৰ্থিত বৰ্তমানৰ পৌৰসভাখনৰ পৌৰপতিগৰাকীয়ে সোমবাৰে আস্থাৰ ভোটৰ বাবে দিন নিৰ্ধাৰণ কৰি সভাৰ জাননী প্ৰদান কৰিছিল যদিও নাটকীয় ভাবে সভানেত্ৰীগৰাকীয়ে সভাৰ এঘন্টা পূৰ্বে সভা বাতিল কৰা বুলি জাননী দি সভাৰপৰা আঁতৰি থকাত বিজেপি দলৰ ওৱাৰ্ড কমিচনাৰ সকলৰ লগতে দলটোৰ ৰঙিয়াৰ কৰ্মকৰ্তা সকলে খৰ্গহস্ত হৈ পৰা দেখা যায়।

ইফালে সভানেত্ৰীগৰাকীয়ে আহ্বান কৰা সভাত সময়মতে আস্থাৰ ভোট প্ৰদান কৰিবলৈ মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা পৌৰ সভাত উপস্থিত হৈ সভানেত্ৰীগৰাকীৰ অনুপস্থিতিত উপ-পৌৰপতিৰ কোঠাত তিনি নং ওৱাৰ্ডৰ ওৱাৰ্ড কমিচনাৰ দীপেন চক্ৰবৰ্তীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত বিজেপিৰ তিনিজন ওৱাৰ্ড কমিচনাৰৰ লগতে উপ-পৌৰপতি ফজনুৰ হ'ক আৰু বৰ্তমানৰ পৌৰপতি দৈৱকী বড়োৰ শিবিৰৰ তথা ৰঙিয়া 2নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ হাচনা আহমেদ উপস্থিত থাকি স্বাক্ষৰ কৰে। উক্ত সভাৰ সিদ্ধান্ত মৰ্মে অহা ২ জানুৰীলৈ আস্থাৰ ভোটৰ সময় বান্ধি দিয়া হয়।

উল্লেখযোগ্য যে ৰঙিয়া পৌৰসভাৰ অধিনৰ মুঠ দহটা ৱাৰ্ডৰ ভিতৰত ক্ৰমে ১নং ৱাৰ্ডৰ দৈৱকী বড়ো (নিৰ্দলীয়া), ২নং ৱাৰ্ডৰ হাচনা আহমেদ (কংগ্ৰেছ), ৩নং ৱাৰ্ডৰ দীপেন চক্ৰবৰ্তী (বিজেপি), ৪নং ৱাৰ্ডৰ প্ৰদীপ কাকতী (বিজেপি), ৫নং ৱাৰ্ডৰ সীমা বৈশ্য (বিজেপি), ৬নং ৱাৰ্ডৰ চম্পা ৰয় (কংগ্ৰেছ), ৭নং ৱাৰ্ডৰ ফজনুৰ হ'ক (নিৰ্দলীয়া), ৮নং ৱাৰ্ডৰ মাইনাজান বেগম, ৯নং ৱাৰ্ডৰ শৰৎ কলিতা (চিপিআই এম) আৰু ১০নং ৱাৰ্ডৰ বহৰুল ইছলাম (নিৰ্দলীয়া)ৰ ভিতৰত সাতটা ৱাৰ্ডৰ কমিচনাৰ ভিতৰত 2নং ৱাৰ্ডৰ নিৰ্দলীয়া কমিচনাৰ গৰাকীৰ সমৰ্থনৰ লগতে ৭নং ৱাৰ্ডৰ কমিচনাৰ ফজনুৰ হ'কক উপ-পৌৰপতি হিচাপে নিৰ্বাচিত কৰি বিজেপি দলৰ ৫নং ৱাৰ্ডৰ কমিচনাৰ সীমা বৈশ্যক পৌৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি বিজেপিয়ে পৌৰ সভাখন গঠন কৰিছিল।

ৰাজনৈতিক কাৰণত প্ৰায় দুটা বছৰ পাৰহৈ যোৱাৰ পিছত দৈৱকী বড়োৱে পৌৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্থাৱ অনাত পৌৰ সভাখন ভংগ হয়৷ তেনে সময়তে নিৰ্দলীয়া কংগ্ৰেছৰ সদস্যসকলে বড়োক পৌৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি ৰঙিয়া পৌৰ সভাখন গঠন কৰে। প্ৰায় ছয় মাহ উকলি যোৱাৰ লগে লগে হাচনা আহমেদ নামৰ ৱাৰ্ড কমিচনাৰ গৰাকীয়ে বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰাত পুনৰ দলটোৱে ৰঙিয়া পৌৰ সভা দখল কৰাটো এক প্ৰকাৰ নিশ্চিত বুলি কব পাৰি৷