
ৰঙিয়াঃ ৰঙিয়া পৌৰ সভাৰ খোৱা কামোৰাৰ ৰাজনীতি অব্যাহত আছে। ৰঙিয়া পৌৰসভাৰ পৌৰপতিৰ আসন খন কোনে দখল কৰিব তাক লৈ খোৱা কামোৰা অব্যাহত আছে৷ প্ৰথমে বিজেপি, পিছত অগপৰ পুনৰ বিজেপিৰ দখললৈ যোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰছে৷ বৰ্তমানৰ পৌৰসভানেত্ৰী দৈৱকী বড়োৰ বিৰুদ্ধে আস্থাৰ ভোট প্ৰদান কৰিলে বিজেপি দলৰ পাছ ওৱাৰ্ড কমিচনাৰৰ লগতে পদেন সদস্য সাংসদ ৰমেন ডেকা আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই।
যাৰ ফলত ৰঙিয়া পৌৰসভা বিজেপিৰ দখললৈ যোৱাৰ উপক্ৰম হোৱাত দলটোৰ কৰ্মকৰ্তাসকলৰ মাজত এক আনন্দমূখৰ পৰিবেশে দেখা গৈছে। অগপ দলৰ ৬ গৰাকী ওৱাৰ্ড কমিচনাৰে আস্থাৰ ভোটত উপস্থিত নথকাৰ বিপৰীতে কেৱল পৌৰসভানেত্ৰী বড়ো উপস্থিত থকে। প্ৰায় দুসপ্তাহ পূৰ্বে আস্থাৰ ভোটৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰি সভাৰ জাননী প্ৰদান কৰিছিল যদিও নাটকীয় ভাবে সভানেত্ৰী গৰাকীয়ে সভাৰ এঘন্টা পূৰ্বে সভা বাতিল কৰা বুলি জাননী দি সভাৰ পৰা আঁতৰি থকাৰ পিছত সভা বাতিল কৰে।
যাৰ ফলত বিজেপি দলৰ ওৱাৰ্ড কমিচনাৰ সকলৰ লগতে দলটোৰ ৰঙিয়াৰ কৰ্মকৰ্তা সকলে খৰ্গহস্ত হৈ পৰা দেখা যায়। সভানেত্ৰীগৰাকীয়ে আহ্বান কৰা সভাত সময়মতে আস্থাৰ ভোট প্ৰদান কৰিবলৈ মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই পৌৰ সভাত উপস্থিত হৈ সভানেত্ৰীগৰাকীৰ অনুপস্থিতিত উপ-পৌৰপতিৰ কোঠাত তিনি নং ওৱাৰ্ডৰ ওৱাৰ্ড কমিচনাৰ দীপেন চক্ৰৱৰ্তীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰে।
সভাত বিজেপিৰ তিনিজন ওৱাৰ্ড কমিচনাৰৰ লগতে উপ-পৌৰপতি ফজনুৰ হ'ক আৰু বৰ্তমানৰ পৌৰপতি বড়োৰ শিবিৰৰ তথা ৰঙিয়া ২নং ওৱাৰ্ডৰ ওৱাৰ্ড কমিচনাৰ হাচনা আহমেদ উপস্থিত থাকি বিজেপি দলৰ সপক্ষে স্বাক্ষৰ কৰে।
ৰঙিয়া পৌৰসভাৰ অধিনৰ মুঠ দহটা ওৱাৰ্ডৰ ভিতৰত ১নং ওৱাৰ্ডৰ দৈৱকী বড়ো (নিৰ্দলীয়া) ২নং ওৱাৰ্ডৰ হাচনা আহমেদ, (কংগ্ৰেছ)' ৩নং ওৱাৰ্ডৰ দীপেন চক্ৰবৰ্তী (বিজেপি), ৪ নং ওৱাৰ্ডৰ প্ৰদীপ কাকতী (বিজেপি), ৫নং ওৱাৰ্ডৰ সীমা বৈশ্য (বিজেপি), ৬নং ওৱাৰ্ডৰ চম্পা ৰয় (কংগ্ৰেছ), ৭নং ওৱাৰ্ডৰ ফজনুৰ হ'ক( নিৰ্দলীয়া), ৮নং ওৱাৰ্ডৰ মাইনাজান বেগম, ৯নং ওৱাৰ্ডৰ শৰৎ কলিতা (চিপিআই এম) আৰু ১০নং ওৱাৰ্ডৰ বাহৰুল ইছলামৰ (নিৰ্দলীয়া)ৰ ভিতৰত সাতটা ওৱাৰ্ডৰ ওৱাৰ্ড কমিচনাৰ ভিতৰত ২নং ওৱাৰ্ডৰ নিৰ্দলীয়া কমিচনাৰ গৰাকীয়ে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।
সাত নং ওৱাৰ্ডৰ কমিচনাৰ ফজনুৰ হ'কক উপ-পৌৰপতি হিচাপে আৰু পাছ নং ওৱাৰ্ডৰ কমিচনাৰ সীমা বৈশ্যক পৌৰ সভানেত্ৰী হিচাপে সমৰ্থন আগবঢ়াই। যাৰফলত ৰঙিয়া পৌৰসভা খন বিজেপিৰ দখললৈ যোৱাটো নিশ্চত হৈ পৰে। এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে, সভানেত্ৰীগৰাকীয়ে কিছুমান গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰি ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে। যদিহে দুই এদিনতে ন্যায়লয়ে পৌৰসভা সম্পৰ্কত আন এক ৰায় প্ৰদান কৰে তেতিয়া হলে পুণৰ ৰাজনৈতিক খেলখন আনফালে গতি কৰিব।